ETV Bharat / state

অনুজ্ঞাপত্ৰবিহীন কাঠৰ বিপণীত বন বিভাগৰ হাতোৰা - Forest Department

কলগাছিয়াত অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷ এইবাৰ অনুজ্ঞাপত্ৰ অবিহনে অবৈধ কাঠৰ ব্যৱসায় চলাই অহা তথা ছীল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল আবকাৰী বিভাগৰ অভিযান ৷

illegal-wood-seized-in-kalgachia
চীল কৰা অবৈধ কাঠৰ দোকানত বন বিভাগৰ অভিযান
author img

By

Published : Sep 16, 2021, 10:24 AM IST

জনীয়া, 16 ছেপ্তেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াত বুধবাৰে বন বিভাগে অনুজ্ঞাপত্ৰ নথকা তথা পূৰ্বে ছীল কৰা অবৈধ কাঠৰ বিপণীত মজুত থকা কাঠ জব্দ কৰে । বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ নিৰ্দেশমৰ্মে প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত এটা দলে কলগাছিয়া বজাৰত চলায় এই অভিযান ৷

উল্লেখ্য যে, ২ ছেপ্তেম্বৰত কলগাছিয়া বজাৰত ৫ খনকৈ অবৈধ কাঠৰ দোকান ছীল কৰিছিল বন বিভাগে । বন বিভাগৰ বিষয়াই অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় কৰাৰ অপৰাধত দোকানসমূহ ছীল কৰাৰ কথা জানিবলৈ দিছিল ৷ কিন্তু এই অভিযানৰ খবৰ আগতীয়াকৈ লাভ কৰি অবৈধ কাঠৰ ব্যৱসায়ীসকলে নিজৰ নিজৰ দোকান বন্ধ কৰি পলায়ন কৰিছিল ।

অনুজ্ঞাপত্ৰবিহীন কাঠৰ বিপণীত বন বিভাগৰ হাতোৰা

এই অভিযানৰ পিছতে অনুজ্ঞাপত্ৰ পালেহে নীতি-নিয়ম অনুসৰি দোকানসমূহ পুনৰ খুলিবলৈ অনুমতি দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল বন বিষয়াই । যাৰ ফলত বুধবাৰে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে ছীল কৰা দোকানসমূহৰ পৰা কাঠসমূহ জব্দ কৰি লৈ যায় ।

লগতে পঢ়ক : গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.