জনীয়া,১০ মাৰ্চ : ৰাজ্যত অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal sand mining in Assam)। তাৰ ভিতৰত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে বালি মাফিয়াৰ সন্ত্ৰাস । যাৰ নেতৃত্বত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত বেঁকী নৈৰ বুকুত দিনে নিশাই চলিছে বালিৰ অবৈধ খনন (Illegal sand mining in Kalgachia)। ময়নাল হক, মনচেৰ আলী, দেলোৱাৰ আৰু শওপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আলতাফ হুছেইন, শ্বহিদুল ইছলাম আৰু জহেৰ নামৰ বালি মাফিয়াৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা এই খননকাৰ্য চলি থকাৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখ্য যে এই বালি খনন কাৰ্যৰ ফলত যোৱাটো বানৰ সময়ত নৈৰ সীমামূৰীয়া অঞ্চলসমূহ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰিছিল । কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । কেৱল এয়াই নহয় বৰপেটা জিলা প্ৰশাসন আৰু বন বিষয়া আৰু বিট অফিচাৰৰ অনুমতি সাপেক্ষে এই খনন চলি থকাৰো অভিযোগ উত্থাপন কৰিছে কলগাছিয়া জিলা আমছুৱে ।
বালিৰ অবৈধ খননৰ ফলত প্ৰতিবছৰে তীব্ৰ ভাবুকিৰ সন্মুখীন হয় অঞ্চলটোৰ ৰাইজ । কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কিয় নীৰৱ ভূমিকা পালন কৰে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ।
ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বনবিভাগৰ বৰপেটা ৰোডৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া প্ৰশান্ত গগৈ আৰু সৰভোগ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বিট অফিচাৰ প্ৰণৱ কুমাৰ দাস আৰু ডেপুটি ৰেঞ্জাৰ তপন কুমাৰ দাস লগতে বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি একপ্ৰকাৰ এওঁলোকৰে ছত্ৰছায়াত শ শ ডাম্পাৰ আৰু ট্ৰেক্টৰ লগাই বালি মাফিয়াই এইদৰে খনন কাৰ্য্য চলাই বুলিও আমছুৱে অভিযোগ কৰিছে । ইফালে জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ এই ক্ষেত্ৰত নীৰৱ ভূমিকাক আমছুয়ে তীব্র সমালোচনা কৰে ।
লগতে পঢ়ক :Illegal trading of boring water: পাথৰকুৱঁৰীত বৰিঙৰ পানীৰ অবৈধ ব্যৱসায়