ETV Bharat / state

বন বিভাগৰ চকুৰ সন্মুখতে বেঁকী নৈত চলিছে অবৈধ বালি খনন

কলগাছিয়াৰ আমগুৰিত বেঁকী নদীৰ কাষত বন বিভাগৰ চকুৰ সন্মুখতে চলিছে অবৈধ বালি খনন । কেইবাখনো ট্ৰেক্টৰ লগাই দিনে নিশাই অবৈধ বালি খনন অব্যাহত ৰখাৰ ফলত ক্ষোভিত হৈ পৰিছে আমগুৰি গাঁওৰ ৰাইজ ।

Illegal sand mining
কলগাছিয়াৰ আমগুৰিত চলিছে অবৈধ বালি খনন
author img

By

Published : Nov 5, 2021, 6:08 PM IST

জনীয়া, ৫ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ বালি খনন । কিন্তু দেখি শুনিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে । উল্লেখ্য যে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত আমগুৰি গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলিছে এনে অবৈধ বালি খনন । এই খনন কাৰ্যৰ ফলত কলগাছিয়া ৰাজহ চক্ৰৰ আমগুৰি আৰু শওপুৰ আদি অঞ্চলত বেঁকী নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।

কলগাছিয়াৰ আমগুৰিত চলিছে অবৈধ বালি খনন

ৰাজ্যৰ বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবাখনো ট্ৰেক্টৰ লগাই এক সপ্তাহ ধৰি এইদৰে খনন কাৰ্য চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । বাৰিষা অন্ত পৰাৰ লগে লগেই এনেদৰে খনন কাৰ্য চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে । বালি মাফিয়া ক্ৰমে আনোৱাৰ, আব্দুল আজিজ আৰু হাকিম উদ্দিনে অবৈধ ভাৱে খনন কাৰ্য চলাই আহিছে বুলি ৰাইজে জানিবলৈ দিয়ে ।

এনে কাৰ্য বন্ধ নহ'লে আগন্তুক দিনত গৰাখহনীয়া আৰু বেছি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । সেয়ে অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :মাজুলীবাসীয়েও উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.