ETV Bharat / state

বৰপেটাত বনবিভাগৰ ছত্ৰছায়াত অব্যাহত চোৰাং বালি ব্যৱসায়

author img

By

Published : Jan 7, 2020, 10:46 PM IST

বেঁকী নৈৰ বুকুত খনন কাৰ্য চলাই একাংশ অসাধু লোকে ৰমৰমীয়া বালি ব্যৱসায় চলাই আছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰাপ্য তথ্য মতে, বৰপেটাৰ জয়পুৰ মহলৰ বেঁকীৰ চৰত খনন কাৰ্য চলাই দিনে নিশাই শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে বালি কঢ়িয়াই থকা হৈছে ৷ এইদৰে অতিৰিক্তভাৱে বালি কঢ়িওৱা সন্দৰ্ভত জয়পুৰ শিলবালি মহলৰ খণ্ড বনবিষয়া কন্দৰ্প দাসে সকলো উত্থাপিত অভিযোগ স্বীকাৰ কৰে ৷

বৰপেটাত
চোৰাং বালি ব্যৱসায়

বৰপেটাৰোড, 7 ডিচেম্বৰঃ বৰপেটাৰোড আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়ৰ অধীনত জয়পুৰ শিল-বালি মহলৰ বালাভিঠা আৰু ভালুকীত দীৰ্ঘদিন ধৰি অব্যাহত আছে চোৰাং বালি ব্যৱসায় ৷ বেঁকী নৈৰ বুকুত খনন কাৰ্য চলাই একাংশ অসাধু লোকে এই ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷ প্ৰাপ্য তথ্য মতে,বৰপেটাৰ জয়পুৰ মহলৰ বেঁকীৰ চৰত খনন কাৰ্য চলাই দিনে নিশাই শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে বালি কঢ়িয়াই থকা হৈছে ৷ ইয়াৰ ফলত অঞ্চলটোত বাটপথ জৰাজীৰ্ণ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

তদুপৰি প্ৰতিখন ট্ৰেক্টৰে ৪ চিএম বালি কঢ়িয়াই নি 2 চিএম চালান দিয়াৰো গুৰুতৰ অভিযোগ আছে ৷ ইয়াৰ বাবদ প্ৰতিখন ট্ৰেক্টৰৰ পৰা বনবিভাগে ৪৫০ টকাকৈ ধন লৈ ২৫০ টকাৰ চালানহে দিয়ে বুলি ট্ৰেক্টৰ চালকসকলে অভিযোগ কৰে ৷ ইপিনে ডাম্পাৰৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ প্ৰতিখন ডাম্পাৰৰে ২৫ চিএম কৈ বালি আনি চালান দিয়ে মাত্ৰ ১৫ চিএমৰ ৷ এইদৰে বনবিভাগৰ লগত একাংশ ধুৰন্ধৰ লোকে গোপন বুজা-পৰাত লিপ্ত হৈ বেঁকীৰ বুকুত খনন চলাই অবৈধভাৱে ধন ঘটি আছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

চোৰাং বালি ব্যৱসায়

ৰাইজৰ অভিযোগ অনুসৰি বেঁকীৰ বুকুত খনন চলোৱাত বাৰিষা তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে এই খননত বাধা দি আহিছে যদিও একাংশ উদণ্ডলোকে ৰাইজৰ ভয় ভাবুকিক আওকাণ কৰি আহিছে ৷ মঙ্গলবাৰে সাংবাদিকৰ দল এটিয়ে জয়পুৰ মহলৰ বালাভিঠা আৰু ভালুকীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত সাংবাদিকক প্ৰত্যক্ষ কৰি ডাম্পাৰ আৰু ট্ৰেক্টৰ এৰি চালকে পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰে ৷

উল্লেখ্য যে, বালাভিঠাৰ চৰ অঞ্চলত বালি পাৰ্মিটৰ জৰিয়তে চলি আছে বালি সংগ্ৰহৰ কাম ৷ কিন্তু ভালুকী চৰৰ এই কাৰ্য সম্পূৰ্ণৰূপে অবৈধ ৷ এইদৰে অতিৰিক্তভাৱে বালি কঢ়িওৱা সন্দৰ্ভত জয়পুৰ শিলবালি মহলৰ খণ্ড বনবিষয়া কন্দৰ্প দাসে সকলো উত্থাপিত অভিযোগ স্বীকাৰ কৰে ৷ লগতে এই অনিয়ম বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷

লগতে চাওকঃবিশ্বনাথত অনুষ্ঠিত বিজেপিৰ শান্তি সমদল

Intro:বৰপেটাৰোড 7 ডিচেম্বৰ : বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা জয়পুৰ শিলবালি মহলৰ বালাভিঠা আৰু ভালুকীত দীৰ্ঘদিন ধৰি বেকীৰ বুকুত খনন কাৰ্য চলাই একাংশ অসাধু লোকে অবৈধ ভাৱে বালি কঢ়িয়াই ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ Body:বৰপেটাৰ জয়পুৰ মহলৰ উক্ত মহলত বেকীৰ চৰত খনন কাৰ্য চলাই দিনে নিশাই নিতৌ শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে বালি কঢ়িয়াই নিয়াত বাটপথ জৰাজীৰ্ণ হৈ পৰিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ প্ৰতিখন ট্ৰেক্টৰত ৪ চি এম বালি কঢ়িয়াই নিয়ে যদিও চালান দিয়ে মাত্ৰ ২ চি এমৰ ৷ প্ৰতিখন ট্ৰেক্টৰৰ পৰা বন বিভাগে ৪৫০ টকাকৈ লোৱাৰ বিপৰীতে বন বিভাগে ২৫০ টকাৰ চালান দিয়ে বুলি ট্ৰেক্টৰৰ চালকে জানিবলৈ দিয়ে ৷
তাৰোপৰি প্ৰতিখন ডাম্পাৰেৰে ২৫ চি এমলৈকে অবৈধ ভাৱে বালি কঢ়িওৱা ডাম্পাৰৰ চালান দিয়ে মাত্ৰ ১৫ চি এমৰ ৷ এইদৰে বন বিভাগৰ লগত একাংশ ধুৰন্ধৰ লোকে গোপন বুজা পৰাত লিপ্ত হৈ বেকীৰ বুকুত খনন চলাই অবৈধভাৱে ধন ঘটি থকা বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ বেকীৰ বুকুত খনন কাৰ্য চলোৱাত বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয় ৷ স্হানীয় ৰাইজে বেকীৰ খননকাৰ্যত বাধা প্ৰদান কৰি আহিছে যদিও ধুৰন্ধৰ লোক সকলে স্হানীয় ৰাইজক ভয় ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে ৷
মঙ্গলবাৰে সাংবাদিকৰ দল এটিয়ে জয়পুৰ মহলৰ বালাভিঠা আৰু ভালুকীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত সাংবাদিকক প্ৰত্যক্ষ কৰি ডাম্পাৰ ট্ৰেক্টৰ থৈ চালকে পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰে ৷
উল্লেখ্য যে বালাভিঠাৰ চৰ অঞ্চলৰ বালি পাৰ্মিটৰ জৰিয়তে চলাই আছে যদিও বালাভিঠা চৰৰ ওপৰিও ভালুকী চৰতো সম্পূৰ্ণ অবৈধ ভাৱে বেকীৰ বুকুত খনন কাৰ্য চলাই থকা বুলিও অভিযোগ উত্থাপন হৈছে ৷
ইপিনে উক্ত মহলৰ পৰা এইদৰে ওভাৰলোডকৈ অবৈধ ভাৱে বালি কঢ়িওৱা সন্দৰ্ভত জয়পুৰ শিলবালি মহলৰ খণ্ড বন বিষয়া কন্দৰ্প দাসে ২ চি এমৰ চালানত ৪ চি এম আৰু ১৫ চি এমৰ চালানত ২৫ চি এমলৈকে বালি কঢ়িওৱা বুলি স্বীকাৰ কৰে ৷ লগতে এই অনিয়ম বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.