জনীয়া , 7 জুন : দীৰ্ঘদিনৰ পৰা দক্ষিণ তিতাপানী আৰু উত্তৰ তিতাপানী সমবায় সমিতিৰ দৰিদ্ৰ হিতাধিকাৰীৰ বগা চাউল চোৰাং বজাৰত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । সোমবাৰে মইনবৰী অঞ্চলৰ এখন গুডামৰ পৰা AS15 A C4534 নম্বৰৰ এখন ডি আই গাড়ী ভৰ্তি কৰি প্ৰায় ৭০ বস্তা চাউল অবৈধভাৱে লৈ যোৱা অৱস্থাত বালাগাঁও আৰু চেনিমাৰীৰ মাজমজিয়া ক্ষুদ্ৰকুছিত ৰাইজে গাড়ীখন জব্দ কৰে ।
চাউল সমূহ দক্ষিণ তিতাপানী আৰু উত্তৰ তিতাপানী সমবায় সমিতিৰ হিতাধিকাৰীৰ বুলি সন্দেহ কৰে ৰাইজে । পিছত কোনো নথিপত্ৰ দেখুৱাব নোৱাৰি চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও গাড়ী সহ চাউলখিনি জব্দ কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে । ঘটনা সন্দৰ্ভত উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে ৰাইজে ।
লগতে পঢ়ক: কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি