ETV Bharat / state

বৰপেটাত জব্দ প্ৰায় 80 লিটাৰোধিক অবৈধ সুৰা - বৰপেটাত জব্দ প্ৰায় 80 লিটাৰ অবৈধ সুৰা

বৰপেটা আৰক্ষীৰ তৎপৰতাত জব্দ প্ৰায় 80 লিটাৰ অবৈধ সুৰা ৷ গান্ধীনগৰৰ বিপুল দাসৰ ঘৰ পৰা বৰপেটা আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ৷ মৃদুল দাস নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীয়ে বিপুল দাসৰ ঘৰত মজুত কৰি ৰাখিছিল অবৈধ সুৰাসমূহ ৷ কিন্তু আৰক্ষী অহাৰ খবৰ পাই সুৰা ব্যৱসায়ী মৃদুল দাসে পলায়ন কৰিবলৈ সক্ষম হয় ৷

illegal liquor seized at barpeta
বৰপেটাত জব্দ প্ৰায় 80 লিটাৰ অবৈধ সুৰা
author img

By

Published : Jul 12, 2021, 11:05 PM IST

বৰপেটা,12 জুলাই : ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনাই উৎখাত হৈছে অবৈধ সুৰা তথা সুৰাৰ ঘাটিসমূহ ৷ সোমবাৰে বৰপেটা আৰক্ষীৰ অভিযান জব্দ কৰে প্ৰায় 80 লিটাৰ অবৈধ সুৰা ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে তৎপৰ হৈছে বৰপেটা আৰক্ষীও ৷ সত্ৰনগৰী বৰপেটাক সুৰামুক্ত চহৰ কৰাৰ উদ্দেশ্যে বৰপেটা আৰক্ষীয়ে চলাই এক অভিযান ৷ বৰপেটা আৰক্ষীৰ অভিযানত চহৰখনৰ গান্ধীনগৰৰ পৰা বৃহৎ পৰিমাণৰ দেশীয় আৰু বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, গান্ধীনগৰৰ বিপুল দাসৰ ঘৰ পৰা বৰপেটা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৮০ লিটাৰ অবৈধ সুৰাও ৷

প্ৰাপ্ত তথ্য অনুসৰি, মৃদুল দাস নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীয়ে বিপুল দাসৰ ঘৰত মজুত কৰি ৰাখিছিল অবৈধ সুৰাসমূহ ৷ অৱশ্যে আৰক্ষীৰ এই অভিযানৰ মাজতে সুৰা ব্যৱসায়ী মৃদুল দাসে পলায়ন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, দ্বিতীয় বৈকুন্ঠপুৰী হিচাপে খ্যাত সত্ৰনগৰী বৰপেটা চহৰক ৰাজ্য চৰকাৰে সুৰা নিষিদ্ধ অঞ্চল ঘোষণা কৰিছিল ৷

বৰপেটাত জব্দ প্ৰায় 80 লিটাৰ অবৈধ সুৰা

ৰাজ্য চৰকাৰে বৰপেটা চহৰ অথবা চহৰৰ আশে-পাশে সুৰাৰ বিক্ৰী আৰু মজুত নিষিদ্ধ কৰা হৈছিল ৷ কিন্তু ইমানৰ পিছতো আবকাৰী বিভাগ সৈতে মিতিৰালি পাতি একাংশ ব্যৱসায়ীয়ে পূৰ্বৰে পৰা চহৰখনত অবাধে সুৰাৰ ব্যৱসায় চলাই অহাৰ এক অভিযোগ উত্থাপন কৰিছে বৰপেটাৰ সচেতন মহলে ৷ কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে সত্ৰনগৰী বৰপেটাক সুৰামুক্ত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে নিতৌ অভিযান অব্যাহত ৰাখিছে ৷ বৰপেটা আৰক্ষীৰ তৎপৰতাত আজি অৰ্থাৎ সোমবাৰে বৃহৎ পৰিমাণৰ দেশী আৰু বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো সত্ৰনগৰীত চলি থকা অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত বৰপেটাৰ আবকাৰী বিভাগে এতিয়াও কোনো তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই অভিযোগ বৰপেটাবাসীৰ ৷ আনকি আবকাৰী বিভাগৰ তৎপৰতাৰ বিপৰীতে বিভাগটোৰ বিষয়া কৰ্নচাৰীসকলে অবৈধ সুৰা ব্যৱসায়ীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলি অহা বুলিহে অভিযোগ উত্থাপিত হৈছে ৷ এইক্ষেত্ৰত আবকাৰী বিভাগৰ বিষয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে চহৰবাসীয়ে ৷

লগতে পঢ়ক: তামোল-পাণৰ পৰিৱৰ্তে বাৰীত ওলাইছে চুলাই মদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.