ETV Bharat / state

ৰাইজৰ দানৰ মাটিত স্থাপন কৰা গো-ৰিজাৰ্ভত কোনে চলালে বেদখল ?

প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনতে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ঐতিহাসিক মাজদিয়া আৰু গৰেমাৰীৰ ৰাইজে নিজৰ পট্টাৰ মাটি দান কৰি গাঁৱৰ গৰু ম'হ চৰাবলৈ স্থাপন কৰিছিল মাজদিয়া গো-ৰিজাৰ্ভ । এতিয়া এই ৰিজাৰ্ভৰ ২২৮ বিঘা মাটি বেদখল কৰিছে এচাম অচিন লোকে ৷ জানো আহক কোন এই সকল লোক ৷

author img

By

Published : Aug 22, 2021, 6:17 PM IST

illegal land acquisition in public property
ৰাইজে নিজে মাটি দি স্থাপন কৰা গো-ৰিজাৰ্ভত কোন এই সকল অচিন লোক?

বৰপেটা ২২ আগষ্ট : ঐতিহাসিক মাজদিয়া গো-ৰিজাৰ্ভত চলিছে ভূমি বেদখলকাৰীৰ আগ্ৰাসন । বেদখলকাৰীৰ আগ্ৰাসনৰ ফলত অস্তিত্বহীন হৈ পৰিছে মাজদিয়া গো-ৰিজাৰ্ভ । এতিয়া ভূমি বেদদখলকাৰী(encroachers)ৰ কবলত আছে গো-ৰিজাৰ্ভৰ প্ৰায় দুশ বিঘা মাটি । এই ঐতিহাসিক গো-ৰিজাৰ্ভৰ মাটি দখলমুক্ত কৰাৰ বাবে চৰকাৰৰ ঘৰক দাবী উত্থাপন কৰিছে অঞ্চলবাসী খিলঞ্জীয়া ৰাইজে ৷

ৰাইজে নিজে মাটি দি স্থাপন কৰা গো-ৰিজাৰ্ভত কোন অচিন লোক সোমাল ?

প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনতে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ঐতিহাসিক মাজদিয়া আৰু গৰেমাৰীৰ ৰাইজে নিজৰ পট্টাৰ মাটি দান কৰি গাঁৱৰ গৰু ম'হ চৰাবলৈ এইখন গো-ৰিজাৰ্ভ স্থাপন কৰিছিল । ২২৮ বিঘা ভূমিৰে আবৃত মাজদিয়া গো-ৰিজাৰ্ভ এতিয়া বেদখলকাৰীৰ আগ্ৰাসনৰ ফলত অস্তিত্বহীন হৈ পৰিছে । ৰিজাৰ্ভখনত এচামে ঘৰ বস্তি আৰু মীন মহল বনাই গ্ৰাস কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

প্ৰায় ডেৰশ ঘৰ লোকে বেদখল চলাই গো-ৰিজাৰ্ভত বসতি স্থাপন কৰিছে । স্থানীয় ৰাইজৰ অভিযোগ মতে বহু প্ৰব্ৰজিত তথা অচিন লোকৰ লগতে গাঁৱৰেই কেইগৰাকীমান সমাজবিৰোধী লোকে বেদখল চলাই গ্ৰাস কৰিছে গো-ৰিজাৰ্ভখন । জানিব পৰা মতে, ইতিমধ্যে এই গো-ৰিজাৰ্ভৰ বেদখলকাৰীৰ লগত স্থানীয় ৰাইজৰ সংঘাতৰো সৃষ্টি হৈছে ।

বেদখলকাৰী সকলৰ একাংশ লোকে স্থানীয় লোকৰ গৰু-ম'হ চুৰি কৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি ৰিজাৰ্ভখন বেদখলমুক্ত কৰাৰ দাবীৰে মাজদিয়া গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিব কোঁৱৰক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে । স্মাৰকপত্ৰ লাভ কৰি চক্ৰ বিষয়া ত্ৰিদিৱ কোঁৱৰে ঘটনাৰ চৰজমিন তদন্ত কৰি অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলাই ৰিজাৰ্ভখন বেদখলমুক্ত কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক : ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.