ETV Bharat / state

Illegal gambling : জনিয়াৰ আমগুৰি গাঁৱত অবৈধ জুৱা খেলৰ পয়োভৰ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 3:49 PM IST

জনিয়াৰ আমগুৰি গাঁৱত অবৈধ জুৱা খেলৰ পয়োভৰ ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দেখি জুৱাৰীৰ পলায়ন ৷

Illegal gambling at Jania in Barpeta
সাংবাদিকক দেখি জুৱাৰীৰ পলায়ন
অবৈধ জুৱা খেল

জনিয়া, 18 ছেপ্টেম্বৰ : জনিয়াৰ আমগুৰি গাঁৱত অবৈধ জুৱা খেলৰ পয়োভৰ ৷ ৩০-৪০ জনীয়া দলে প্ৰত্যেক দিনাই জুৱা খেলৰ বাবে বাহৰ পাতে আমগুৰি গাঁৱৰ বেকী নৈৰ কাষত থকা কামাল উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দেখি জুৱাৰীৰ পলায়ন ৷

অভিযোগ অনুসৰি কলগাছিয়াৰ আমগুৰি গাঁৱত এতিয়া অবৈধ জুৱা খেলৰ পয়োভৰ ৷ বাধাহীন ভাৱে একাংশই অঞ্চলটোত চলাইছে জুৱাৰ আড্ডা ৷ যেন এওঁলোকে লাভ কৰিছে জুৱা খেলৰ অনুজ্ঞাপত্ৰ ৷ কালৈকো কেৰেপ নকৰি অবৈধভাৱে চলাই গৈছে জুৱা খেল ৷

অভিযুক্ত কামাল উদ্দিন নামৰ ব্যক্তিজনে ২০০ টকাৰ বিনিময়ত প্ৰত্যেকদিনাই তেওঁৰ ঘৰত বহিবলৈ দিয়ে জুৱাৰ আড্ডা ৷ ৩০-৪০ জনীয়া দলে প্ৰত্যেক দিনাই জুৱা খেলৰ বাবে বাহৰ পাতে আমগুৰি গাঁৱৰ বেকী নৈৰ কাষত থকা কামাল উদ্দিনৰ ঘৰত ৷ ইয়াৰে কেইটামান জুৱাৰী ক্ৰমে কদম আলী, আমগুৰি গাঁৱৰ কামাল উদ্দিন, শওপুৰ গাঁৱৰ ৰাজা, খাৰবাল্লী গাঁৱৰ কুতুব আৰু শওপুৰ গাঁৱৰ আজিজ বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখযোগ্য যে দেওবাৰে সাংবাদিকৰ এটা দলে গোপন খবৰৰ ভিত্তিত জনিয়াৰ আমগুৰি গাঁৱত জুৱাৰ বিৰুদ্ধে অভিযান চলায় ৷ নিশ্চিন্ত মনে কামাল উদ্দিন নামৰ ব্যক্তিজনৰ ঘৰত জুৱা খেল চলি থকা অৱস্থাত সাংবাদিক উপস্থিত হোৱাত জুৱাৰীয়ে দৌৰি পলায়ন কৰে ৷ কোনোৱে বেগৰ ভিতৰত জুৱা খেলৰ সামগ্ৰী লৈ দৌৰিছে, কোনোৱে সামগ্ৰী লুকুৱাইছে ৷ এই সকলো দৃশ্য আৱদ্ধ হ’ল সাংবাদিকৰ কেমেৰাত। অভিযুক্ত কামাল উদ্দিনে ২০০ টকাৰ বিনিময়ত প্ৰত্যেকদিনাই ঘৰতে জুৱা খেল চলাবলৈ দিয়ে বুলি নিজ মুখে স্বীকাৰ কৰে ৷ অঞ্চলটোত আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে সঘনাই অভিযান চলোৱাৰ পিছতো এনেদৰেই এই অবৈধ জুৱা খেল চলি থাকে ৷ স্থানীয় সচেতন ৰাইজে এই অবৈধ জুৱা খেল নিয়ন্ত্ৰণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : Drugs Seized : শিলিগুৰিত জব্দ কোটি টকাৰ ড্ৰাগছ, গ্ৰেপ্তাৰ 8 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.