ETV Bharat / state

Jihadi activities in Assam: বৰ্তমান বৰপেটাৰ পৰিস্থিতি HOT হৈ আছে : IGP দিলীপ দে - বৰ্তমান বৰপটাৰ পৰিস্থিতি HOT হৈ আছে

বৰপেটাত পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দে (IGP Dilip Kumar Dey in Barpeta) ৷ বৰপেটাত উপস্থিত হৈ পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৰাজ্যত শেহতীয়া জেহাদী কাৰ্যকলাপ সম্পৰ্কে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে (Bangladeshi Jihadi in Assam) ৷

Jihadi activities in Assam
বৰ্তমান বৰপটাৰ পৰিস্থিতি HOT হৈ আছে : মহাপৰিদৰ্শক দিলীপ দে
author img

By

Published : Jul 30, 2022, 8:17 PM IST

Updated : Jul 30, 2022, 8:58 PM IST

বৰপেটা, 30 জুলাই : ‘‘বৰ্তমান বৰপেটা হট হৈ আছে ৷ পূৰ্বতেও বৰপেটাৰ পৰা বহু জেহাদী আটক কৰা হৈছিল ৷ বৰ্তমানো বৰপেটাৰ পৰা বহু জেহাদী আটক কৰা হৈছে ৷ এই ক্ষেত্ৰত অসম আৰক্ষী পূৰ্বতকৈ সক্ৰিয়া হৈ আছে’’ ৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ এই মন্তব্য কৰে বৰপেটাত পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দেই (IGP Dilip Kumar Dey in Barpeta) ৷

বৰ্তমান বৰপটাৰ পৰিস্থিতি HOT হৈ আছে : IGP দিলীপ দে

লগতে তেওঁ কয় যে, বৰ্তমান বৰপেটাত জেহাদীৰ বিভিন্ন মডিউল সক্ৰিয় হৈ আছে ৷ কিন্তু জেহাদীয়ে বিচৰা ধৰণে অসমৰ পৰিৱেশ কেতিয়াও হ’ব নিদিয়ে আৰক্ষীয়ে (Bangladeshi Jihadi in Assam)৷ লগতে কামৰূপ, নলবাৰী, বৰপেটা, গোৱালপাৰা আদিকে ধৰি নামনি অসমৰ বিভিন্ন জিলাত থকা চৰাঞ্চলসমূহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷

লগতে তেওঁ কয়, জেহাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্পেচিফিক ইনফৰমেচনৰ ভিত্তিত কাম কৰি আছে অসম আৰক্ষীয়ে ৷ ব্ৰহ্মপুত্ৰ নদীয়ে জেহাদীসকলক সুবিধা প্ৰদান কৰি দিছে ৷ বাংলাদেশী জেহাদীয়ে বৰপেটাকে ধৰি নামনি অসমৰ ভৌগোলিক আৰু জনগাঁঠনিৰ সুযোগ লৈ কাৰ্যকলাপ চলাই গৈছে বুলি উল্লেখ কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷

লগতে পঢ়ক : Jihadi activities in Assam : ৰাজ্যৰ নিৰাপত্তাৰ দিশলৈ ভাবুকি মাতিছে জেহাদীয়ে

আনকি তেওঁ আৰু উল্লেখ কৰে যে নৰনাৰায়ন সেঁতুৰ পৰা গদাধৰ, গংগাধৰ, সোণকোষ নৈৰ বিশাল জলৰাশি আৰু চৰাঞ্চলৰ সুযোগ লৈ গো-সৰবৰাহৰ লগতে বাংলাদেশৰ পৰা আহি মৌলবাদী কাৰ্যকলাপৰ চলাই আছে বাংলাদেশী জেহাদীয়ে ৷

সেয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ জনসাধাৰণক সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনাই আনকি পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দেই ৷ এইক্ষেত্ৰত আৰক্ষীক সহযোগ-সহযোগ কৰাৰ বাবে ৰাইজলৈ আহ্বান আৰক্ষী বিষয়াগৰাকীয়ে ৷

আনহাতে, একেদিনাই বৰপেটাত বিধায়ক মৃনাল শইকীয়াইও (MLA Mrinal Saikia in Barpeta) জেহাদী সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিধায়ক শইকীয়াই কয়, ‘‘জেহাদীৰ ভয়াৱহতাৰ সৈতে মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে মোকাবিলা কৰি আছে ৷ অসমক কেতিয়াও জেহাদীৰ ক্ষেত্ৰ হ’বলৈ দিয়া নহ’ব’’ ৷

লগতে পঢ়ক : Bhabesh Kalita on Jihadi: মুছলমান যুৱ-সমাজে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভৱাৰ আহ্বান ভৱেশ কলিতাৰ

Last Updated : Jul 30, 2022, 8:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.