ETV Bharat / state

স্বামী নহয়, এইবাৰ পত্নীয়েহে চলালে নিৰ্যাতন

author img

By

Published : Dec 13, 2021, 8:02 PM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপথাৰ গাঁৱৰ এগৰাকী বোৱাৰীয়ে স্বামী তথা স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছিল । পত্নীৰ এই অভিযোগ খণ্ডন কৰিছে স্বামী তথা স্বামীৰ পৰিয়ালে ৷ ওলোটাই পত্নীয়েহে নিৰ্যাতন কৰা অভিযোগ কৰে স্বামী আৰু পৰিয়ালে ৷

husband-accused-of-harassing-his-wife
পত্নীয়েহে নিৰ্যাতনৰ চলোৱাৰ অভিযোগ বাহাৰুলৰ

জনীয়া, 13 ডিচেম্বৰ : কলগাছিয়াৰ বলাইপাথাৰত এগৰাকী বোৱাৰীক স্বামী আৰু স্বামী পৰিয়ালে দীৰ্ঘদিনৰ পৰাই যৌতুকৰ দাবীত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পত্নীৰ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰি ওলোটাই পত্নীয়েহে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে স্বামী বাহাৰুল ইছলামে ৷

বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পুতলাৰটাৰী গাঁৱৰ যুৱতীগৰাকীৰ লগত দুবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ বাহাৰুল ইছলাম ৷ বিবাহৰ পিছৰ পৰাই স্বামী বাহাৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে পত্নীক ঘৰৰ পৰা ১০ লাখ টকা আৰু এখন চাৰিচকীয়া বাহন যৌতুক(Harassing wife for Dowry) হিচাপে দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল পত্নীয়ে ৷

তেওঁ লগতে স্বামী বাহাৰুল ইছলাম আৰু তেওঁৰ পিতৃ আব্দুল গফুৰ, মাতৃ বানেছা খাতুনে শাৰীৰিক মানসিক অত্যাচাৰ(Mental And Physical Torture) কৰাৰ লগতে গৰ্ভত থকা সন্তানক বলপূৰ্বকভাৱে ঔষধ খোৱাই নষ্ট কৰি দিয়াৰ গুৰুত্বৰ অভিযোগ কৰে ৷ কিন্তু পত্নীৰ এই অভিযোগ স্বামী বাহাৰুল ইছলাম আৰু তেওঁৰ পিতৃ আব্দুল গফুৰে খণ্ডন কৰে ৷ পত্নী আৰু তেওঁৰ মাতৃয়ে কৰা মন্তব্য সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰে । স্বামী বাহাৰুল ইছলামে লগতে পত্নী জোনালী আহমেদৰ বেলেগৰ লগত সম্পৰ্ক থকাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : যৌতুকৰ বাবেই পত্নীক হত্যাৰ চলাইছিল স্বামী বাহাৰুল সহ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.