ETV Bharat / state

এটা পথৰ বাবে অনশনত বহিল এজন লোক

হাঁড় কঁপোৱা জাৰকো আওকাণ কৰি প্ৰতিবাদত বহিছে এজন লোক ৷ শনিবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে অনশনত বহিছে এই ব্যক্তি গৰাকী ৷ এটা পথৰ বাবে এককভাৱে এই পদক্ষেপ গ্ৰহণ কৰিছে লোকজনে ৷

Hunger strike at jania
পথ মুকলি কৰি দিয়াৰ দাবীৰে জনীয়াত অনশন
author img

By

Published : Dec 27, 2020, 7:15 AM IST

জনীয়া, 27 ডিচেম্বৰ : এটা পথক কেন্দ্ৰ কৰি জনীয়াত অনিৰ্দিষ্টকালীন অনশনত বহিল আশ্ৰফুল ইছলাম নামৰ এজন ব্যক্তি ৷ জানিব পৰা মতে, তিতাপানী গাঁৱৰ পৰা তিতাপানী মধ্যচৰলৈ যোৱা একমাত্ৰ পথটো মহৰ আলী নামৰ এজন লোকে কোনো কাৰণ নোহোৱাকৈ বন্ধ কৰি দিয়ে ৷ আনকি সেই পথেৰে যাব নোৱাৰে এম্বুলেঞ্চো ৷ ইয়াকে লৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷

এটা পথৰ বাবে অনশনত বহিল এজন লোক

যাৰ পৰিপ্ৰেক্ষিতত আশ্ৰাফুল ইছলাম নামৰ সমাজসেৱক গৰাকীয়ে ৰাইজৰ সমস্য়াৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইপিনে আশ্ৰাফুল ইছলামৰ এই কাৰ্যক সঁহাৰি জনাইছে গাঁৱৰ শ শ ৰাইজে ৷ উল্লেখ্য যে,আশ্ৰাফুলৰ এই কাৰ্যক একাংশ লোকে বাধা প্ৰদান কৰাৰ লগতে একাংশই কাজিয়া পৰ্যন্ত লিপ্ত হৈছে ৷ কিন্তু তথাপিও হাৰ নামানি পথ মুকলি কৰি নিদিয়া পৰ্যন্ত অনশন চলিয়েই থাকিব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে আশ্ৰাফুলে ৷

লগতে পঢ়কঃ ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.