ETV Bharat / state

কলগাছিয়াত পৰিবহণ বিষয়া আৰু ৰাইজৰ মাজত মতানৈক্য

author img

By

Published : Feb 4, 2021, 5:52 PM IST

কলগাছিয়াৰ বালাগাঁৱত ৰাইজ আৰু জিলা পৰিবহণ বিষয়াৰ মাজত সৃষ্টি মতানৈক্য । ইটা ভৰ্তি বাহন আৱদ্ধ কৰাৰ বাবে সৃষ্টি হয় এই মতানৈক্যৰ ৷

hungama between public and MVI at kalgachia barpeta assam etv bharat news
পৰিবহণ বিষয়া আৰু ৰাইজৰ মাজত মতানৈক্য

জনীয়া,4 ফেব্ৰুৱাৰী: বৰপেটাৰ কলগাছিয়াত সৃষ্টি হৈছে এক অবাঞ্চিত পৰিস্থিতি ৷ ইটা ভৰ্তি এখন মহেন্দ্ৰ বলেৰ’ পিক আপ ভানক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পিক আপ ভানখনে ইটা ভৰ্তি কৰি লৈ গৈ থকা অৱস্থাত প্ৰয়োজনতকৈ অধিক ওজন নিয়াৰ সন্দেহত জিলা পৰিবহণ বিষয়াগৰাকীয়ে বাহনখন আদবাটতে আৱদ্ধ কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে বালাগাঁৱবাসী ৷

পৰিবহণ বিষয়া আৰু ৰাইজৰ মাজত মতানৈক্য

স্থানীয় লোকে পৰিবহণ বিষয়াগৰাকীৰ এনে কাৰ্যত ক্ষুব্ধ হৈ কেৱল বালাগাঁৱতে এনেদৰে বাহন আৱদ্ধ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ তদুপৰি বিষয়াগৰাকীক মাত্ৰাধিক ওজন কঢ়িওৱা ডাম্পাৰসমূহক বাধা প্ৰদান নকৰাৰ বিষয়ে প্ৰশ্ন কৰে ৷ ফলত ৰাইজৰ লগতে পৰিবহণ বিষয়াগৰাকীৰ মাজত সৃষ্টি হয় মতানৈক্য ৷

পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

লগতে চাওকঃ চাইকেল ৰেলীৰে নিৰ্বাচনী চমক সৃষ্টিৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.