ETV Bharat / state

Goats seized in Barpeta: বৰপেটা থানাত ওলাইছে এপাল ছাগলী - বৰপেটাত আৰক্ষীৰ হাতত জব্দ হ’ল শতাধিক চুৰি ছাগলী

বৰপেটাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত জব্দ কৰা হৈছে শতাধিক ছাগলী (Goats seized in Barpeta)৷ ভিন্ন প্ৰান্তৰ পৰা চুৰি হোৱা ছাগলীসমূহ জব্দ কৰে বৰপেটা আৰক্ষীয়ে ৷ নিজৰ হেৰুৱা ছাগলী বিচাৰি থানাত ভিৰ কৰে ছাগলী পালকসকলে ৷

Goats seized in Barpeta
বৰপেটা থানাত ছাগলী পালকৰ ভিৰ
author img

By

Published : May 2, 2022, 9:35 PM IST

Updated : May 3, 2022, 3:47 PM IST

বৰপেটা, ২ মে’: বৰপেটা আৰক্ষী ছাউনীত কটকটীয়া নিৰাপত্তাৰ মাজত শ শ ছাগলী (Goats seized in Barpeta)৷ মাতি অনা হয় বহু ছাগলী পালকক ৷ ভিৰৰ মাজৰ পৰা ছাগলী পালকসকলে চিনাক্ত কৰে নিজৰ নিজৰ হেৰোৱা ছাগলী ৷ এই ঘটনা বৰপেটাৰ ৷ ছাগলী চোৰৰ আতংকই টোপনি হৰিছে বৰপেটাবাসীৰ ৷

বৰপেটা জেইলৰোড, তেতেলীৰ তল, পাটবাউসী, কেওটকুছি, কাঁহিবাৰী, গজিয়া, জনীয়া সুন্দৰীদিয়া আদিকে ধৰি বৰপেটাৰ সৰ্বত্ৰ এতিয়া ছাগলী চোৰৰ সন্ত্ৰাস ৷ বাট-পথ, পথাৰ, ছাগলী গৰালৰ পৰা দিন অথবা নিশাৰ ভাগত চুৰি হৈছে শ শ ছাগলী ৷ পশুপালনেৰে জীৱিকা নিৰ্বাহ কৰা অসমীয়া গাঁওসমূহৰ দুখীয়া পৰিয়ালসমূহৰ নিদ্ৰা হৰিছে ছাগলী চোৰে ৷

বৰপেটা থানাত ছাগলী পালকৰ ভিৰ

অৱশেষত বৰপেটাত আৰক্ষীৰ হাতত জব্দ হ’ল শতাধিক চুৰি ছাগলী (Goat thief in Barpeta)৷ গুৱাহাটীৰ বজাৰত বিক্ৰীৰ বাবে লৈ গৈ থকা অৱস্থাত গাড়ীসহ জব্দ কৰে ছাগলী কঢ়িওৱা গাড়ী ৷ বৰপেটাৰ বাঘবৰৰ পৰা গুৱাহাটীলৈ গৈ আছিল ছাগলীভৰ্তি গাড়ীখন ৷ ইতিমধ্যে বৰপেটা আৰক্ষী ছাউনীত চুৰি ছাগলীৰ সন্ধানত বহু ছাগলী পালক উপস্থিত হৈছে ৷

আৰক্ষীৰ জিম্মাত বহুগৰাকীয়ে বিচাৰি উলিয়ালে চুৰি হোৱা ছাগলী ৷ ছাগলীৰ বেপাৰীয়ে জনোৱা মতে, বাঘবৰ বজাৰৰ পৰা ক্ৰয় কৰিছিল ছাগলীখিনি ৷ বাঘবৰত চুৰি ছাগলীৰ বজাৰ গঢ় লৈ উঠা বুলিও বহুতে ধাৰণা কৰিছে ৷ কাৰ নেতৃত্বত গঢ় লৈ উঠিছে এই চুৰি ছাগলীৰ বজাৰ তাৰ অনুসন্ধানৰ দাবী জনাইছে ছাগলীপালকসকলে ৷

লগতে পঢ়ক: সৰিয়হৰ ডুলিতে ভূত: তিনিজনকৈ আৰক্ষী বিষয়াৰ চৌহদতে চোৰৰ লুট-পাত

Last Updated : May 3, 2022, 3:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.