ETV Bharat / state

CPIM rally in Barpeta: বৰপেটাত CPIMৰ বিশাল জনসমাৱেশ - Constituency Delimitation in Assam

চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ CPIM । বৰপেটাত মঙলবাৰে CPIMএ অনুষ্ঠিত কৰে এক বিশাল গণ সমাৱেশৰ(Huge rally of CPIM in Barpeta) । উক্ত গণ সমাৱেশত অংশগ্ৰহণ কৰে জ্যেষ্ঠ CPIM নেতা হেমেন দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ আদিকে ধৰি কেবাজনো বাওঁপন্থী নেতাই ।

Huge rally of CPIM in Barpeta
চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে CPIM ৰ বিশাল গণ সমাৱেশ
author img

By

Published : Jan 3, 2023, 5:20 PM IST

চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে CPIM ৰ বিশাল গণ সমাৱেশ

বৰপেটা,৩ জানুৱাৰী: বৰপেটাত চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে CPIMএ মঙলবাৰে অনুষ্ঠিত কৰে এক বিশাল গণ সমাৱেশ(Huge rally of CPIM in Barpeta) । ৰাজ্যখনত খাদ্য সামগ্রীকে ধৰি পেট্র'ল-ডিজেল তথা ৰন্ধন গেছসহ নিত্য প্রয়োজনীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি আৰু ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি আৰু জনবিৰোধী কাম কাজৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিখন জিলাতে CPIMএ অনুষ্ঠিত কৰিবলৈ লোৱা জন সমাৱেশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি CPIMএ বৰপেটাৰ মৰানদীৰ পাৰত বিশাল জনসমাবেশ অনুষ্ঠিত কৰে ৷

জিলাখনৰ বৃহৎ সংখ্যক লোকৰ উপস্থিতিত জ্যেষ্ঠ CPIM নেতা হেমেন দাস(Senior CPIM leader Hemen Das), বিধায়ক মনোৰঞ্জন তালুকদাৰ(MLA Manoranjan Talukdar), সুপ্ৰকাশ তালুকদাৰ আদিকে ধৰি কেবাজনো বাওঁপন্থী নেতাই জন সমাবেশত অংশ লৈ ৰাজ্য চৰকাৰৰ জনবিৰোধী কাম-কাজৰ সমালোচনাত মুখৰ হৈ পৰে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনস্বার্থ বিৰোধী আর্থিক নীতিৰ ফলত দেশৰ জনসাধাৰণ দূৰ্ভোগৰ বলি হ'বলগীয়া হোৱাৰ লগতে আনকি ধনৰ অভাৱত ৰাজ্যৰ বিধায়কসকলে সমষ্টিৰ পথ এটাও নিৰ্মাণ কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন কৰে সৰভোগৰ CPIM ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

সমাবেশত অংশগ্ৰহণ কৰি ৰাজ্যৰ জ্যেষ্ঠ ৰাজনীতিক হেমেন দাসে ৰাজ্যত ভূমি জৰীপৰ দাবী তোলাৰ লগতে মিছন বসুন্ধৰা আঁচনিখন(Mission Bashundhara Scheme) মুখ্যমন্ত্ৰী মুখত চলি থকা বুলিহে মন্তব্য কৰে ৷ ইফালে সমষ্টি পুনৰগঠন সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ CPIM নেতা হেমেন দাসে বিজেপিৰ স্বাৰ্থত এয়া কৰিবলৈ লোৱা হৈছে বুলি উল্লেখ কৰি বিজেপিয়ে আনকি বৰপেটাৰ সাংসদৰ লগতে ৰাজ্যৰ বহু বিধায়কো খিলঞ্জীয়া নহয় বুলি ভাবে বুলিহে মন্তব্য কৰে ৷

খিলঞ্জীয়াৰ গাঁৱতো ম্যাদী পট্টা নাই বুলি উল্লেখ কৰে হেমেন দাসে । BJPয়ে কিছুমান অবাস্তৱ কথা কৈ থাকে বুলি অভিযোগ উত্থাপন কৰে দাসে । যিসকল লোকে অসমীয়া ভাষা-সংস্কৃতি জানে বা যিসকলৰ নিজস্ব ভাষা আছে তেওঁলোকহে অসমীয়া বুলি গণ্য কৰে হেমেন দাসে । হিন্দুসকল যাতে বেছিকৈ নিৰ্বাচিত হয় আৰু মুছলমান কমকৈ নিৰ্বাচিত হয় তাৰ বাবেহে সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া(Constituency Delimitation in Assam) চলোৱা হৈছে বুলি উল্লেখ কৰে জেষ্ঠ CPIM নেতাগৰাকীয়ে ।

তৃতীয় বৰ্গৰ পৰীক্ষাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে দাসে । তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছতো কিয় সাক্ষাৎকাৰ হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে দাসে ।ইফালে কংগ্ৰেছে বিৰোধীৰ ভূমিকা পালনত ব্যৰ্থ হোৱাৰ লগতে কংগ্ৰেছৰ নিজৰ মাজতে যুঁজ বাগৰ চলি থকা বুলিও মন্তব্য কৰে হেমেন দাসে ৷ ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দাসে কয় যে এই যাত্ৰাত কেৱল সদায় দেখি থকা কেইজনেহে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: JPP merged programme: আজি সন্ধিয়া বিজেপিত চামিল হ’ব দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.