বৰপেটা,19 ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা-পদ্মপাৰা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । ঔষধ সেৱন কৰি আত্মহত্যা, চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰবী বিষয়ৰ পৰীক্ষাত নকল কৰাৰ অভিযোগত বহিস্কৃত এগৰাকী ছাত্ৰীৰ ৷
ঘটনা অনুসৰি, চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বৰভিঠা-পদ্মপাৰা গাঁৱৰ ছাত্ৰীগৰাকীয়ে ৷ বিগত বৃহস্পতিবাৰে আৰৱী বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী ৷ কিন্তু নকল কৰাৰ অভিযোগত পৰীক্ষাৰ মাজতে পৰীক্ষা কেন্দ্ৰৰ পৰা ছাত্ৰী গৰাকীক বহিস্কাৰ কৰে পৰীক্ষা নিৰীক্ষকে ৷ ইয়াৰ পাছতে ঘটনাৰ পিছদিনা অৰ্থাৎ শুকুৰবাৰে খেতিত দিয়া ঔষধ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ছাত্ৰীগৰাকীয়ে । লগে লগে পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু জীৱন-মৃত্যুৰে যুঁজ দি অৱশেষত মংগলবাৰে ছাত্ৰীগৰাকীৰ চিকিৎসালয়তে মৃত্যু হয় ছাত্ৰীগৰাকীৰ । ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ পৰীক্ষাৰ পৰ্যবেক্ষকে পৰীক্ষাগৃহত মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰাৰ বাবেই হতাশাত ভুগি আত্মহত্যাৰ পথ বাচি ললে ছাত্ৰী গৰাকীয়ে ৷ বৰ্তমান সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : ৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন