ETV Bharat / state

বৰপেটাত সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি পালন - প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী

সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছে সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাই । গৃহৰক্ষী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বৰপেটাতো এই কাৰ্যসূচী ৰূপায়ণ কৰে গৃহৰক্ষী জোৱানসকলে ।

বৰপেটাত সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি পালন

author img

By

Published : Mar 1, 2021, 6:19 PM IST

বৰপেটা, ১ মাৰ্চ: সমগ্ৰ ৰাজ্যতে সোমবাৰৰ পৰা কৰ্মবিৰতি ঘোষণা কৰিছে গৃহৰক্ষী জোৱানসকলে । বৰপেটা জিলাতো গৃহৰক্ষী জোৱানসকলে কৰ্তব্য পালনৰ পৰা বিৰত আছে । দুদিন ধৰি অব্যাহত থাকিব গৃহৰক্ষী জোৱানৰ কৰ্মবিৰতি । সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ বৰপেটা জিলা সমিতিয়ে জানিবলৈ দিয়া মতে, সোমবাৰে পুৱা ৬ বজাৰ পৰা কর্মবিৰতি পালন কৰা হৈছে ।

বৰপেটাত সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি পালন

গৃহৰক্ষী জোৱানসকলৰ বৰ্দ্ধিত মাহিলী দৰমহাৰ ক্ষেত্ৰত উচতম ন্যায়ালয়ে দিয়া নির্দেশ অসম চৰকাৰে পালন কৰা নাই বুলি অভিযোগ তুলিছে গৃহৰক্ষী জোৱানসকলে । লগতে চৰকাৰে তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়া নাই বুলিও ক্ষোভ প্ৰকাশ কৰে । শীঘ্ৰে এই নিৰ্দেশসমূহ পালন কৰিবলৈ গৃহৰক্ষী জোৱানসকলে চৰকাৰক আহ্বান জনাইছে ।

উল্লেখ্য যে, বৰপেটা জিলাত ১,৩০০ গৰাকী গৃহৰক্ষী জোৱান আছে আৰু সমগ্ৰ অসমত ২৭,০০০ জোৱান আছে । জোৱানসকলে স্পষ্ট কৰি দিছে যে, চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে তেওঁলোকে ভোট বৰ্জন কৰিব ।

লগতে পঢ়ক:লখিমপুৰত মাদলৰ ছেৱে ছেৱে প্ৰিয়ংকাৰ ঝুমুৰ নৃত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.