ETV Bharat / state

গৃহবিভাগ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী- আমছু সভাপতি - মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

ওৰে নিশা উলংগ কৰি আৰক্ষীয়ে শাৰীৰিক নিৰ্যাতন চলোৱা মহিলাকেইগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীৰ অকৰ্মন্যতাৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ সভাপতি গৰাকীৰ ৷

home ministry is not under control of CM, AAMSU president
author img

By

Published : Sep 21, 2019, 5:05 AM IST

বৰপেটা, 21 চেপ্তেম্বৰঃ ৰাজ্য গৃহ বিভাগটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত নাই ৷ ৰাজ্যত আৰক্ষীৰ দ্বাৰা মহিলা নিৰ্যাতন চলি থকা শেহতীয়া ঘটনাটোৰ পৰাই ইয়াকে বুজিব পাৰি ৷ গৃহবিভাগটো নিয়াৰিকৈ পৰিচালনা কৰাত বিফল মুখ্যমন্ত্ৰী ৷ শেহতীয়াকৈ চিৰাঙৰ আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি হোৱা মহিলাকেইগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ বৰপেটা ৰোড চিকিৎলয়ত উপস্থিত মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰখন চলোৱাত যিমানেই সফল হৈছে বুলি দাবী নকৰক কিয় তেওঁ গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰী সোণোৱালক গৃহ বিভাগৰ দায়িত্বভাৰো সোনকালে এৰি দিবলৈ দাবী জনায় সভাপতিগৰাকীয়ে ৷ লগতে, ৰক্ষকেই ভক্ষক হৈ নিৰ্দোষী মহিলাকেইগৰাকীক নিৰ্যাতিত কৰা আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ কৰি তোলাৰ হুংকাৰ দিয়ে ৰেজাউল কৰিম চৰকাৰে ৷

গৃহবিভাগ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী- আমছু সভাপতি

তেওঁ লগতে কয় যে, সাম্প্ৰতিক সময়ত কেৱল সংখ্যালঘূৰ ওপৰতেই নহয় মহিলাসকলৰ ওপৰতো অন্যায়-অত্যাচাৰ সংঘটিত হৈ আহিছে ৷ অনৈতিক কামৰ সীমা চেৰাই ৰাজ্যত চৰকাৰ থকা নথকা কোনো পাৰ্থক্য পৰিলক্ষিত নোহোৱাৰ দৰে হৈছে ৷ আৰক্ষী বিষয়াই যদি ৰাতিৰ আন্ধাৰত নিৰীহ মহিলাৰ ওপৰত নিৰ্মমভাৱে জপিয়াই পৰেগৈ ৰাজ্যবাসী সকল কোনফালৰ পৰা নিৰাপদ, ইয়াৰ ফলত প্ৰশাসনৰ প্ৰতি ৰাইজৰ বিশ্বাস আস্থা সকলো মষিমূৰ হৈ পৰিছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ ইয়াৰ উপৰিও সৰ্বানন্দ সোণোৱাল যদি প্ৰকৃতাৰ্থত অসমৰ মুখ্যমন্ত্ৰী তেনেহ'লে মহিলাক সুৰক্ষা দিয়াৰ দায়িত্ব লৈ ৰাজ্যখনক ভয়াবহ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায় আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷

Intro:বৰপেটাৰোড ২১ চেপ্তেম্বৰ - শেহতীয়াকৈ ৰাজ্য খনত আৰক্ষীৰ দ্বাৰা নিৰীহ মহিলাৰ ওপৰত যি নিৰ্যাতন চলিছে ইয়াৰ পৰা বুজা যায় গৃহ বিভাগটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত নাই ৷ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলোৱাত সম্পূৰ্ণ ৰূপে বিফল হৈছে ৷Body:চিৰাঙ আৰক্ষীয়ে বৰপেটাৰোডৰ মহিলাক নিৰ্মমভাৱে প্ৰহাৰ কৰা লোকক বৰপেটাৰোডৰ চিকিৎসালয়ত স্বাস্থ্যৰ বুজলৈ এই মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷ চিৰাঙৰ পৰা আৰক্ষী বৰপেটাৰোডৰ নিচুকাত আহি প্ৰকৃত আচামীৰ ঘৰত নোসুমুৱাই গুণ্ডাবাহিনীৰ দৰে আচামীৰ আত্মীয়ৰ ঘৰত সোমাই মহিলাক নিৰ্মমভাৱে মাৰপিট কৰা কাৰ্যক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তীব্ৰ ভাষাৰে গৰিহনা দি কয় মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলোৱাত যিমানেই সফল হৈছে বুলি দাবী নকৰক কিয় তেও গৃহ বিভাগ চলোৱাত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৃহ বিভাগ এৰিবলৈ আহ্বান জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷ চিৰাঙ আৰক্ষীয়ে বৰপেটাত আহি যি কাণ্ড সংঘটিত কৰিলে তাৰবাবে মুখ্যমন্ত্ৰীক আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আমছুৱে অন্যথা কঠোৰ আন্দোলনৰ হুংকাৰ দিছে আমছুৱে ৷আৰক্ষীয়ে ৰক্ষক হৈ ভক্ষকৰ ৰূপত নিৰীহ ৰাইজৰ ওপৰত হিটলাৰী শাসন চলাইছে ৷ আৰক্ষীৰ এনে কাৰ্য আমছুৱে সহ্য নকৰে বুলিও সকীয়াই দিয়ে ৷
হোমগাৰ্ড এটায়েও মুখ্যমন্ত্ৰীৰ কথা নুশুনে বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় মুখ্যমন্ত্ৰীক গৃহ বিভাগ এৰি দি দোষী আৰক্ষী বিষয়াক নাকী লগাই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰিলে আমছুৱে আন্দোলনৰ ভাবুকি দিছে ৷ Conclusion:আৰক্ষীয়ে কেবল সংখ্যালঘু সম্প্ৰদায়ক নহয়
সমগ্ৰ ৰাজ্যখনতেই নীতিনিয়ম আৰু সীমা চেৰাই গৈছে বুলি উল্লেখ কৰি কয় অসমত যেন কোনো মুখ্যমন্ত্ৰী নাই অসমত যেন কোনো গৃহ বিভাগ নাই আৰু অসমত যেন কোনো গৃহমন্ত্ৰী নাই এনে এটা পৰিবেশৰ সৃষ্টি হৈছে ৷ হোমগাৰ্ডৰ পৰা আৰম্ভ কৰি শীৰ্ষ আৰক্ষীয়ে নিজ মতলবত আৰু খামখেয়ালীৰে ৰাজ্যখন শাসন কৰিব বিচাৰিছে বুলি আমছুৱে অভিযোগ উত্থাপন কৰিছে ৷ ৰাইজৰ আস্হা আৰু বিশ্বাস থকা আৰক্ষী বিষয়াই যদি ৰাতিৰ আন্ধাৰত গৈ নিৰীহ মহিলাৰ ওপৰত নিৰ্মমভাৱে জপিয়াই পৰে সেই আৰক্ষীৰ ওপৰত ৰাজ্যখনৰ ৰাইজ নিৰাপদ নহয় বুলিও আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় ৷ সৰ্বানন্দ সোণোৱালৈ আমছুৰ আহ্বান আপুনি অসমৰ মুখ্যমন্ত্ৰী সেয়ে পুলিচে মহিলা সকলৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া বন্ধ কৰি মহিলাক সুৰক্ষা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীক লওক অন্যথা ৰাজ্যখনত এক ভয়াবহ পৰিবেশৰ সৃষ্টি হব বুলি ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিয়ে ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta roa
9957907059
Barpeta road

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.