ETV Bharat / state

কলিয়াবৰৰ বিভিন্ন স্থানত সামৰণি পৰিল ফল্গুৎসৱ

author img

By

Published : Mar 20, 2022, 10:04 AM IST

বিগত প্ৰায় চাৰিদিন ধৰি আবিৰৰ ৰং আৰু হোলী গীতৰ সুৰে মুখৰিত হৈ পৰিছিল সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰৰ আকাশ-বতাহ ৷ শনিবাৰে ৰাজ্যৰ লগতে কলিয়াবৰৰ বিভিন্ন স্থানত সামৰণি পৰে ফল্গুৎসৱৰ ৷ গোঁসাই ফুৰোৱা, ভাগৱত পাঠ, দহী-হাণ্ডী আদি ভিন্ন কাৰ্যসূচীৰ মাজেৰে কলিয়াবৰত সামৰণি পৰে ফল্গুৎসৱৰ ৷

Holi festival concludes with full enthusiasm at kaliabor
কলিয়াবৰৰ বিভিন্ন স্থানত সামৰণি পৰিল ফল্গুৎসৱ

কলিয়াবৰ, 20 মাৰ্চ : সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান কলিয়াবৰৰ বিভিন্ন স্থানত আয়োজিত পৱিত্ৰ ফল্গুৎসৱৰ শনিবাৰে সামৰণি পৰে(Holi festival celebration in Kaliabor) । কলিয়াবৰৰ ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা, আবাল-বনিতা সকলো আবিৰৰ ৰঙেৰে ৰাঙলী হৈ গোঁসাই ফুৰোৱা, ভাগৱত পাঠ, দহী-হাণ্ডী আদি ভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰে ফল্গুৎসৱৰ অন্তিমটো দিন ৷

কলিয়াবৰৰ ঐতিহাসিক শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত গোঁসাই ফুৰোৱা কাৰ্যসূচীৰে ফল্গুৎসৱৰ সামৰণি পৰে । শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় দৌল উৎসৱৰ ৷ শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয়ৰ পৰা এক বিশাল গোঁসাই ফুৰোৱা যাত্ৰা ৰূপায়ণ কৰে ৷ প্ৰায় কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজৰ হৰিনাম ধ্বনিৰে মুখৰ হৈ পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

আনহাতে, সৰুভগীয়াত ফল্গুৎসৱৰ উপলক্ষে ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । বুঢ়াপাহাৰ চাহ বাগিচাতো উদযাপন কৰা হয় ফাকুৱা উৎসৱৰ । বুঢ়াপাহাৰ চাহ বাগিচাৰ যুৱক-যুৱতীসকলে ফাকুৱা উপলক্ষে আনন্দ-উল্লাসৰ মাজতে দহী-হাণ্ডী কাৰ্যসূচী পালন কৰে । কলিয়াবৰৰ কেইবাখনো গাঁৱত গোঁসাই ফুৰোৱা যাত্ৰাৰে ফাকুৱা উৎসৱৰ সামৰণি পৰে ।

লগতে পঢ়ক : সামৰণি পৰিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.