মাজুলী,10 মাৰ্চঃ ৰাজ্যত উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা ৷ ফাকুৱাৰ আনন্দত মত্ত হৈ পৰিল ৰাজ্যবাসী ৷ কৰ’ণা ভাইৰাছৰ আতংকক নেওচি ৰাজ্যবাসীয়ে পালন কৰিলে ফল্গুৎসৱ ৷ মাজুলীৰ সত্ৰসমূহত সম্পূৰ্ণ ধর্মীয় পৰম্পৰাৰে আৰম্ভ হয় ফাকুৱা ৷ মাজুলীৰ দক্ষিণপাট, বেঙেনাআটি, গড়মুৰ সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ফাকুৱা ৷ মাজুলীৰ শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ নিজা প্ৰচেষ্টাত থলুৱাভাৱে ফাকুৱা প্ৰস্তুত কৰি ব্যৱহাৰ কৰা দেখা যায় ৷ আটা গুৰি আৰু ময়দাৰ লগত হালধি,নীল আৰু সেন্দুৰ মিহলি কৰি এইবছৰৰ ফাকুৱা প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ লগতে বজাৰত উপলব্ধ চীনত তৈয়াৰী কোনো ৰং ব্যৱহাৰ কৰিব নকৰিবলৈ আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ’বলৈ ৰাজ্যবাসীক অনুৰোধ সত্ৰ কৰ্তৃপক্ষৰ ৷
শ্ৰীশ্ৰী বেঙেনাআটি সত্ৰতো তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ফাকুৱা উৎসৱ । ৫৫০ বছৰীয়া পৰম্পৰা ৰাখি সত্ৰীয়া ৰীতি-নীতিৰে অনুষ্ঠিত কৰা হৈছে ফাকুৱা উৎসৱৰ । উল্লেখ্য যে,আহোম ৰজাৰ সময়ৰ পৰায়ে সত্ৰখনত উদযাপিত হৈ আহিছে ফাকুৱা ৷ সমান্তৰালকৈ দক্ষিণপাট সত্ৰতো অনুষ্ঠিত হৈছে ফল্গুৎসৱ ৷ অধিবাসৰ পিছত মেঘ দাহ আৰু মূল মণিকূটৰ পৰা গোঁসাইক উলিয়াই গোবিন্দ মহাপ্ৰভুক সত্ৰৰ চাৰি হাটী প্ৰদক্ষিণ কৰোৱা হয় ৷
বৰপেটাঃ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ মঙলবাৰে তৃতীয় দিন ৷ সেই অনুসাৰে সত্ৰখনত পালন কৰা হৈছে ভৰদৌল ৷ প্ৰাচীন ভাৰতৰ বসন্ত ঋতুত উদযাপিত উৎসৱসমূহৰ ভিতৰত উল্লেখযোগ্য আনন্দোৎসৱ হ'ল মদনোৎসৱ ৷ বসন্ত ঋতুত এই উৎসৱ অনুষ্ঠিত হোৱা বাবে ইয়াক বসন্ত উৎসৱ বুলি কোৱা হয় ৷ বসন্ত উৎসৱ ভাৰতৰ বিভিন্ন প্ৰান্তত ভিন্ন সময়ত হোলী উৎসৱ, ফল্গু উৎসৱ বা ফাকুৱা আৰু মদনোৎসৱ নামেৰে পৰিচিত হৈ আহিছে ৷
গোৱালপাৰাঃ পৰম্পৰা ৰক্ষা কৰি ফাকুৱা উৎসৱ পালন কৰে গোৱালপাৰাবাসীয়ে । কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত পূৰ্বৰ তুলনাত এইবেলি ফাকুৱাৰ আনন্দ যথেষ্ট কম । তথাপিও কিছুসংখ্যক লোকে পৰম্পৰা আৰু ঐতিহ্য ৰখা কৰাৰ উৎসৱটো পালন কৰে ৷ স্থানীয় হৰিসভা মন্দিৰ প্ৰাংগণত ৰেইন ডান্সৰে ফাকুৱা উৎসৱ পালন কৰে গোৱালপাৰাৰ একাংশ ৰাইজে ।
বাক্সাঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গাৰুঘটো গাঁৱৰ চাওতালী লোকেসকলে ব্যতিক্ৰমী ৰূপত পালন কৰে ফাকুৱা উৎসৱ ৷ সচৰাচৰ ব্যৱহাৰ কৰা ৰঙৰ সলনি পানীৰ সৈতে ফাকু খেলে গাৰুঘটোবাসী ৰাইজে ৷ কথিত অনুসৰি, চাওতালীসকল মহিষাসুৰৰ বংশধৰ ৷ সেয়ে পূৰ্বৰ পৰা নিজৰ ভাষা-সংস্কৃতি বজাই ৰাখিবলৈ চেষ্টা কৰিছে চাওতালীসকলে ৷
উল্লেখ্য যে,ৰঙৰ উৎসৱ ফাকুৱাৰ দিনা চাওতালী সকলে বাহা পূজা নামেৰে এক পূজা অনুষ্ঠিত কৰে । গাঁৱৰ বাসিন্দা সকলে এই পূজাত অংশ লয় ৷ লগতে ডেকা-গাভৰুৱে মাদল আৰু নাগাৰাৰ চেৱত নৃত্য প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানৰ শেষত ৰঙৰ সলনি পানী চতিয়াই ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰে ।
লগতে চাওকঃধুবুৰীত হোলী উপলক্ষে ডি জে ৰেইন ডান্স