বৰপেটা, ১৫ এপ্ৰিল: বিহুৰ বতৰতে বৰপেটাত ধুমুহাই ধৰিলে কালৰূপ ৷ সংক্ৰান্তিৰ দিনটোত সমগ্ৰ বৰপেটাৰ লগতে বৰপেটা সত্ৰত ধুমুহাই কৰিলে বিস্তৰ ক্ষতিসাধন ৷ গৰু বিহুৰ দিনটোতে ধুমুহাই অজন লোকৰ প্ৰাণ লোৱাৰ লগতে বহু সা-সম্পত্তি অনিষ্ট কৰে (Storm in Barpeta) ৷
বৰপেটাৰ জনীয়াৰ লুৰফুৰীয়া গাঁৱত ঘৰৰ ওপৰত গছ পৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে জিলাখনত বিস্তৰ ক্ষতিসাধন হয় (One dead in storm in Barpeta) ৷ নিশা ধুমুহাত বৰপেটাৰ বহৰি সত্ৰৰ বৰআম জোপাও ভাগি পৰে (Storm lashes Bahari Satra)৷ সত্ৰখনৰ আন কেইবাজোপাও গছ ধুমুহাত ভাগি পৰিছে ৷
ইপিনে বহৰি অঞ্চলৰ বহু বাট পথৰ ওপৰতে গছ উভালি পৰাৰ পাছত যাতায়াত বন্ধ হৈ আছে ৷ বহৰি বজাৰৰ বহু বৃহৎ গুডামৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ ফলত মৰাপাট, ধান, মাহ, সৰিয়হ অনিষ্ট হোৱাত ব্যৱসায়ীসকলৰ ব্যাপক ক্ষতি সাধন হয় (Heavy storm lashes Barpeta) ৷
লগতে পঢ়ক: সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন