ETV Bharat / state

নাই ফেন, উৎকট গৰমত কেনেদৰে চলিছে এইখন চিকিৎসালয় ?

author img

By

Published : Sep 27, 2021, 2:18 PM IST

উৎকট গৰমক নেওচি চিকিৎসা প্ৰদান এখন চিকিৎসালয়ত ৷ বিদ্য়ুতৰ সু-ব্যৱস্থা থকাৰ পিছতো চিকিৎসালয়খনত নাই বৈদ্যুতিক পাংখা ৷ ফলত তীব্ৰ গৰমতে চিকিৎসা সেৱা গ্ৰহণ কৰিছে ৰোগীয়ে ৷ প্ৰতিবেদনৰ জৰিয়তে চাওকচোন ক’ত আছে এই চিকিৎসালয়খন...

heated-situation-at-kalgachia-civil-hospital
উৎকট গৰমত দহিছে এখন চিকিৎসালয়ৰ ৰোগী

জনীয়া, 27 ছেপ্তেম্বৰ : বৰপেটাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়(Kalgachia Civil Hospital)ত উত্তপ্ত পৰিস্থিতি ৷ উৎকট গৰমৰ মাজতো বিদ্যুৎ(Electricity) নিদিয়াত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । পিছে চিকিৎসালয়খনত কাৰ বাবে এইদৰে দুৰ্ভোগ ভুগিছে ৰোগীসকলে?

চিকিৎসালয়খনত ৰোগীৰ আত্মীয়সকলে সৃষ্টি কৰিছে এই অবৰ্ণনীয় পৰিস্থিতিৰ ৷ আত্মীয়সকলৰ অভিযোগ অনুসৰি, ৰোগীসকলে সা-সুবিধা পোৱাৰ পৰিৱৰ্তে সা-সুবিধা দিয়া হৈছে চিকিৎসক আৰু নাৰ্চ নথকা কোঠাত । ইফালে বিদ্যুৎ নথকাৰ বাবে উৎকট গৰমত বিচনীৰে বিচি বতাহ ল’বলগীয়া হৈছে ৰোগীসকলে ৷

উৎকট গৰমত দহিছে এখন চিকিৎসালয়ৰ ৰোগী

লগতে পঢ়ক : হাস্পতালত নাই চিকিৎসক; আত্মীয়ৰ সহায়ত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে

কিন্তু তাৰ পৰিৱৰ্তে চিকিৎসক আৰু নাৰ্চৰ কোঠাত কোনো নথকা অৱস্থাতো চলি আছে বৈদ্যুতিক ফেন । চিকিৎসালয়খনত থকা বিভিন্ন ৱাৰ্ডত ৰোগীৰ অনুপাতে ফেন নথকাত ৰোগীৰ আত্মীয়ই নিজেই ফেনৰ ব্যৱস্থা কৰাত সেই ফেনসমূহ চিকিৎসালয়খনৰ চিকিৎসক হাছমত আলীয়ে বন্ধ কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে ৷

দেওবাৰে নিশাও 2 বজাৰ পৰা ৰোগীৰ কোঠাত বিদ্যুৎ সেৱা লাভ নকৰাৰ অভিযোগ তুলিছে ৰোগীসকলৰ আত্মীয়ই । এই ক্ষেত্ৰত শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ আত্মীয়ৰ লগতে স্থানীয় সচেতন মহলে ৷

লগতে পঢ়ক : ৰাজ্যৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.