ETV Bharat / state

জনীয়াৰ পথাৰত থোপাই ৰখা ধানত দুৰ্বৃত্তৰ অগ্নিসংযোগ - কৃষি পথাৰত অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ

অথলে গ’ল জনীয়া সমষ্টিৰ বৰহৰিদ গাঁৱৰ ছিৰাজ আলী আৰু মজিবৰ ৰহমানে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে উৎপাদন কৰা ধান । পথাৰত জ্বলি ছাই হ’ল জমা কৰি ৰখা ৪ বিঘা মাটিৰ ধান ।

harvested paddy set on fire by miscreants at Barpeta
জনীয়াৰ পথাৰত থোপাই ৰখা ধানত দুৰ্বৃত্তৰ অগ্নিসংযোগ
author img

By

Published : Nov 22, 2021, 5:42 PM IST

বৰপেটা, 22 নৱেম্বৰ : বৰপেটা জিলাৰ জনীয়াৰ কৃষি পথাৰত থোপাই থোৱা ধানত দেওবাৰে নিশা অচিনাকী দুৰ্বৃত্তই অগ্নিসংযোগ(Fire in agricultural fields) কৰে । বৰনগৰ ৰাজহ চক্ৰ তথা সৰভোগ আৰক্ষী থানা(Sorbhog police station)ৰ অন্তৰ্গত ঘিলাঝাৰী পথাৰত সংঘটিত হৈছে এই ঘটনা ।

বৰহৰিদ গাঁৱৰ ছিৰাজ আলী আৰু মজিবৰ ৰহমানে পকা ধান কাটি পথাৰতেই জমা কৰি থৈছিল । কিন্তু দেওবাৰে নিশা অচিনাকী দুৰ্বৃত্তই ছিৰাজ আলীৰ ডেৰ বিঘা আৰু মজিবৰ ৰহমানৰ আঢ়ৈ বিঘা খেতিৰ পকা ধানত অগ্নিসংযোগ(paddy set on fire by miscreants) কৰাত সমগ্ৰ কাটি থোৱা ধান ভষ্মীভূত হয় ।

থোপাই ৰখা ধানত দুৰ্বৃত্তৰ অগ্নিসংযোগ

এই ঘটনাৰ পাছত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দুৰ্ভগীয়া কৃষক দুগৰাকী(farmers affected at Jania)য়ে । দুৰ্বৃত্তক বিচাৰি উলিয়াই কঠোৰতম শাস্তি দিয়াৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷ ইয়াৰ লগতে ভুক্তভোগী কৃষকক উচিত ক্ষতিপূৰণ দিবলৈ(farmers demand compensation for loss)কো চৰকাৰক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : নলবাৰীৰ ৰূপীয়াবাঠানত দাউদাউকৈ জ্বলিল 50 বিঘা মাটিৰ পকা ধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.