ETV Bharat / state

বিটিচিত বিপিএফে চৰকাৰ গঠন কৰাটো নিশ্চিতঃ হাগ্ৰামা মহিলাৰী

author img

By

Published : Jun 28, 2020, 7:59 PM IST

কেৱল বেকী নৈ নহয় আই নদীৰ গৰাখহনীয়াৰ কবলতো পৰিছে বহুলোক ৷ সেয়ে এইবেলি বিটিচিত বিপিএফ ক্ষমতাত অহাৰ পাছতেই খৰালি কালত বেকী নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে কোনো চিন্তা অবিহনেই বিটিচিত পুনৰ বিপিএফে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও দাবী কৰে বিপিএফ প্ৰধানগৰাকীয়ে ৷

Hagrama Mohilari visited baksa flood effected places
হাগ্ৰামা মহিলাৰী

বৰপেটাৰোড, 28 জুন : "বিটিচিত পুনৰ বিপিএফ চৰকাৰ অহাটো ১০০ শতাংশ নিশ্চিত" এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ বাক্সাৰ ওদালগুৰীত দেওবাৰে বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি এই মন্তব্য বিপিএফ প্ৰধানগৰাকীৰ ৷

তেওঁ কয় যে, কেৱল বেকী নৈ নহয় বহুলোক আই নদীৰ গৰাখহনীয়াৰ কবলতো পৰিছে ৷ সেয়ে এইবেলি বিটিচিত বিপিএফ ক্ষমতাত অহাৰ পাছতেই খৰালি কালত বেকী নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস দিয়ে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে কোনো চিন্তা অবিহনেই বিটিচিত পুনৰ বিপিএফে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও দাবী কৰে বিপিএফ প্ৰধানগৰাকীয়ে ৷

হাগ্ৰামা মহিলাৰী

লগতে পঢ়কঃ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল নৃত্যশিল্পী প্ৰিয়ংকা বড়োৰ

ইয়াৰোপৰি, ক্ষমতা লোৱাৰ পাছতেই বেকীৰ খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলকো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বি পি এফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কালত হাগ্ৰামা মহিলাৰীক সংগ দিয়ে বিপিএফ নেত্ৰী তথা মথনগুৰী সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদৰ লগতে বি পি এফ নেতা খনীন্দ্ৰ ব্ৰহ্মকে ধৰি ভালেসংখ্যক নেতা কৰ্মীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.