ETV Bharat / state

বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত গাইড বান্ধ

author img

By

Published : Jul 19, 2021, 10:57 AM IST

বৰপেটাৰ বেঁকী নৈৰ ওপৰত থকা কৰাৰকুৰ বেঁকী দলঙৰ গাইড বান্ধ সম্প্ৰতি গৰাখহনীয়াৰ কৱলত পৰিছে । বান্ধটো ইতিমধ্যে বেঁকী নৈৰ (Beki River) বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও বান্ধটো প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

Guide dam in the depths of the Beki river erosion At Barpeta District
বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত গাইড বান্ধ

জনীয়া, 19 জুলাই : বাৰিষা পৰাৰ লগে লগে ৰাজ্যত অব্যাহত আছে প্ৰৱল বৰষুণ ৷ বৰষুণৰ ফলত অন্যন্যা নদ-নদীসমূহৰ লেখিয়াকৈ বৰপেটা জিলাৰ বেঁকী নৈতো (Beki River) ভয়ংকভাৱে বৃদ্ধি পাইছে জলপৃষ্ঠ ৷ ইতিমধ্যে বেঁকী নৈৰ গৰাখহনীয়াত কলগাছিয়াকে আজি কৰি বিভিন্ন প্ৰান্তৰ নৈ পৰীয়া ৰাইজৰ ঘৰ মাটি ভেটি নৈৰ বুকুত বিলীন হৈ বিস্তৰ ক্ষতিসাধন হৈছে ৷ সমান্তৰালকৈ বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰিছে কলগাছিয়াৰ শওঁপুৰ কৰাৰকুৰ বেঁকী দলংৰ গাইড বান্ধটো । প্ৰায় ৫০ মিটাৰ গাইড বান্ধৰ জিঅ' বেগ সমূহ চপৰা চপৰে বেঁকী নৈৰ বুকুত যাবলৈ ধৰিছে ।

নৈখৰ গৰখহনীয়াৰ বাবে ৰাজ্যিক ঘাইপথ আৰু বেঁকী দলং খনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । কিন্তু বৰপেটাৰ জলসম্পদ বিভাগে (Barpeta Water Resource Department) প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ধৰণৰ ব্য়ৱস্থা নকৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ বাবে খহনীয়াৰ কৱলত পৰি প্ৰায় ৫০ মিটাৰ গাইড বান্ধ ইতিমধ্যে নৈত জাহ গৈছে।

বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত গাইড বান্ধ

স্থানীয় লোকৰ অভিযোগ অনুসৰি, বছৰ বছৰ ধৰি একাংশ ভূ-মাফিয়াই নৈখনত পৰা অবৈধভাৱে বালি খনন কৰাৰ ফলত কলগাছিয়াৰ বলাইপথাৰৰ পৰা খাৰবাল্লী আৰু আমগুৰি হৈ বেঁকী নদীৰ সুঁতি ওলাই বিকল্প সুঁতিৰ সৃষ্টি কৰিছে । তাৰ ফলতেই এই সুঁতিটোত আৰম্ভ হৈছে ভয়ংকৰ খহনীয়া ।

বিকল্প সুঁতিটোৰ ফলতে আৰম্ভ হোৱা খহনীয়াত গাইড বান্ধত ব্যৱহাৰ হোৱা জিঅ' বেগসমূহ এটা এটাকৈ নদীৰ বুকুত জাহ গৈ নিশ্চিহ্ন হ'বলৈ গৈ আছে । আনহাতে, গাইড বান্ধত আশ্ৰয় লৈ থকা প্ৰায় ১৫ টা পৰিয়াললৈ আহি পৰিছে তীব্ৰ ভাবুকি । শীঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৭৮ কোটি টকীয়া বেঁএকী দলং আৰু ৰাজ্যিক ঘাইপথটো কম দিনত ভিতৰতে বেঁকী নৈত জাহ যাব বুলি আশংকা কৰিছে ৰাইজে ।

কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই যদিও অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷ পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যাৱস্থা গ্ৰহণ কৰে, সেয়াহে হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক-নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.