বৰপেটা, 21 নৱেম্বৰ: বিক্ৰীৰ বাবে লৈ যোৱাৰ সময়তে বৰপেটাত স্থানীয় ৰাইজে জব্দ কৰিলে চৰকাৰে যোগান ধৰা বিনামূলীয়া সামগ্ৰী ৷ শুকুৰবাৰে এখন ই-ৰিক্সাৰে দোকানত বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত ৰাইজে 20 বস্তাকৈ অৰ্গেনিক পাউদাৰ জব্দ কৰে ৷
ই-ৰিক্সাৰে বিক্ৰীৰ বাবে নি থকা বস্তা সমূহত বিক্ৰীৰ বাবে নহয় বুলি লিখি থোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে সন্দেহবশতঃ ই-ৰিক্সা খন ৰখাই সোধ-পোচ কৰাত সামগ্ৰী খিনি চৰকাৰী বুলি গম পাই স্থানীয় ৰাইজে বৰপেটা জিলাৰ বহৰিৰ সমীপৰ কাকধোৱাত উক্ত সামগ্ৰী খিনি জব্দ কৰে ৷
অভিযোগ অনুসৰি পীড়লাভিঠা গাঁৱৰ পথাৰ পৰিচালনা সমিতিৰ সভাপতি ছফিকুল ইছলামে বহৰি বজাৰৰ শ্বাহ আলম নামৰ এজন লোকৰ দোকানত বিক্ৰীৰ বাবে উক্ত সামগ্ৰীখিনি ই-ৰিক্সাৰে প্ৰেৰণ কৰিছিল ৷
জানিব পৰা মতে মাটিৰ স্বাস্থ্য পৰীক্ষা কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলক বিনামূলীয়াকৈ বায়' পাৱাৰ নামৰ অৰ্গেনিক (জীন) পাউদাৰ যোগান দিয়াৰ ব্যৱস্থা কৰিছিল ৷ পিছে কৃষকৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা মাটিৰ উৰ্বৰা বৃদ্ধি কৰা বায়' পাৱাৰ নামৰ অৰ্গেনিক পাউদাৰ বিধ দোকানত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে স্থানীয় ৰাইজে জব্দ কৰে ৷
বৰপেটাৰ কৃষি বিভাগে জনোৱা মতে, প্ৰায় ৬ মাহ পূৰ্বে গাঁও পঞ্চায়ত সমুহৰ জৰিয়তে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্য কৃষকলৈ এই অৰ্গেনিক পাউদাৰ সমূহ আগবঢ়ােৱা হৈছিল ৷ কৃষকৰ বাবে চৰকাৰে বিনামূলীয়াভাৱে বিতৰণ কৰা অৰ্গেনিক পাউদাৰসমূহ এনেদৰে গোপনে বীজ ভাণ্ডাৰত বিক্ৰী কৰিবলৈ নিয়াৰ ঘটনাই স্বাভাৱিকতে স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে ৷ একাংশ গাঁও পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত মুৰব্বীৰ কাৰ্যকলাপত ক্ষুব্ধ ৰাইজে এতিয়া উচিত তদন্তৰ দাবী কৰিছে ৷
লগতে পঢ়ক: বি পি এফৰে এতিয়া ভংগ নহয় মিত্ৰতাঃ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব