বৰপেটা,8 মে’ঃ দীৰ্ঘদিনে শয্যাশায়ী বিশিষ্ট শিল্পী-সাহিত্যিক গোকুল পাঠকৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে ৷ বৰপেটা প্ৰেছ ক্লাবৰ তৎপৰতাত শুকুৰবাৰে স্থানীয় অংকুৰম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পাঠকক ৷ বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ গৰাকীক সম্প্ৰতি চিকিৎসালয়ৰ ভিআইপি কেবিনত তিনিগৰাকী চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে ৷ ইপিনে, সাহিত্যিক গৰাকীৰ চিকিৎসা ব্যয় সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷
উল্লেখ্য যে, অসম চৰকাৰৰ দ্বাৰা বিষ্ণু ৰাভা বঁটা বিজয়ী, বৰপেটা ৰত্ন সন্মানেৰে বিভূষিত, বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ প্ৰণেতা বিশিষ্ট শিল্পী-সাহিত্যিকগৰাকী বিগত কেবাদিনো ঘৰতে অসুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছিল ৷
লগতে চাওকঃ ৰে'ড জ'নত পৰিণত হ'ব নেকি অসম !