ETV Bharat / state

Municipal Election 2022: বৰপেটাৰোডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত গীতুমণি দাস - বৰপেটাৰোডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত গীতুমণি দাস

বৰপেটাৰোডৰ 6 নম্বৰ ৱাৰ্ডত(Barpetarod municipal elections) কোনো দল বা নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় গীতুমণি দাস ৷ এইবাৰ পৌৰ পৰিষদ বিজেপি দলেই দখল কৰাৰ দাবী গীতুমণিৰ ৷

Gitumani Das has won the Barpetarod municipal elections
গীতুমণি দাস
author img

By

Published : Feb 17, 2022, 12:58 PM IST

বৰপেটাৰোড, 17 ফেব্ৰুৱাৰী : বৰপেটাৰোড পৌৰসভাৰ নিৰ্বাচনত ৬ নং ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে বিজেপি প্ৰাৰ্থী গীতুমণি দাস (Gitumani Das has won the Barpetarod municipal elections) ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বুথ সভাপতি হৈ থকা বৰপেটাৰোড চহৰৰ 6 নম্বৰ ৱাৰ্ডৰ পৰা বিজেপিৰ প্ৰাৰ্থী গীতুমণি দাসে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈ মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ বৰপেটাৰোডবাসীকো ধন্যবাদ জনায় ৷

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপি প্ৰাৰ্থীগৰাকীয়ে 6 নম্বৰ ৱাৰ্ডত বেলেগ কোনো দল বা নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাৰ বাবে অতি সহজতে জয়ী হ’বলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ৷ তেওঁ বিজেপি দলৰ প্ৰগতি আৰু 6 নম্বৰ ৱাৰ্ডৰ উন্নতিয়েই তেওঁৰ প্ৰথম লক্ষ্য বুলি উল্লেখ কৰে ৷ তেওঁ ৱাৰ্ডটোত বেলেগ প্ৰাৰ্থী থাকিলেও তেৱেই জয়ী হ’লহেঁতেন বুলিও দৃঢ়তাৰে কয় ।

গীতুমণি দাস

গীতুমণি দাসে আগন্তুক পৌৰ নিৰ্বাচনত কেৱল বৰপেটাৰোড নহয় সমগ্ৰ অসমতেই বিজেপি জয়ী হ’ব বুলি দাবী কৰে ৷ উল্লেখ্য যে, বৰপেটাৰোড পৌৰসভাৰ দহটা ৱাৰ্ডত এইবাৰ মুঠ প্ৰাৰ্থী ২৪ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ৷ ইয়াৰে বিজেপিৰ ১০ জন, কংগ্ৰেছৰ ৩ জন, চি পি আই এমৰ ৩ জন, অগপৰ ১ জন আৰু নিৰ্দলীয় ৭ জন প্ৰাৰ্থী ৷

লগতে পঢ়ক : TTAADC Village Committees general election: গাঁও কমিটিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী টিপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.