ETV Bharat / state

বৰপেটাৰ শ্বপিংমলত শ্লীলতা হানি যুৱতীৰ! - হাফিজুৰ ৰহমান

শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক শ্লীলতা হানিৰ অপচেষ্টা হাফিজুৰ ৰহমান নামৰ এজন যুৱকৰ ৷

শ্বপিংমলত শ্লীলতা হানি যুৱতীৰ!
author img

By

Published : Sep 11, 2019, 5:24 PM IST

বৰপেটা, ১১ ছেপ্টেম্বৰঃ বৰপেটাত যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টাকলৈ চাঞ্চল্য ৷ শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক শ্লীলতা হানিৰ অপচেষ্টা হাফিজুৰ ৰহমান নামৰ এজন যুৱকৰ ৷

শ্বপিংমলত শ্লীলতা হানি যুৱতীৰ!

উল্লেখ্য যে, বুধবাৰে বৰপেটাস্থিত এটা শ্বপিংমলত এগৰাকী যুৱতীক শ্লীলতা হানিৰ চেষ্টা চলাই অভিযুক্ত যুৱক হাফিজুৰ ৰহমানে ৷ অভিযোগ অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীক হাফিজুৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল ৷ কিন্তু যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই হাফিজুৰে যুৱতীগৰাকীৰ ওপৰত আতিশায্য চলাই বুলি অভিযোগ উত্থাপন কৰে যুৱতী গৰাকীয়ে ৷ ভুক্তভোগী যুৱতীগৰাকীয়ে ইতিমধ্যে বৰপেটা সদৰ থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ঘটনাটোৰ সময়ত শ্বপিঙমলটোৰ CCTV কেমেৰা বন্ধ থকাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ যুৱতীগৰাকীৰ ওপৰত চলোৱা আতিশয্যৰ ঘটনাটোৰ ভিডিঅ' নাই CCTV কেমেৰাত ৷ নিশা 1 বজাৰ পৰা পুৱা 9:30 বজালৈকে বন্ধ হৈ থাকে CCTV কেমেৰা ৷ আনকি মলটোত নাথাকে কোনো নৈশ চকীদাৰ ৷ যুৱতী গৰাকীয়ে সহায় বিচাৰি চিঞৰ-বাখৰ কৰাৰ পাচতো সহায়ৰ বাবে ওলাই নাহিল কোনো ব্যক্তি ৷ যাৰ বাবে মলটোৰ অন্য ব্যক্তি ঘটনাৰ লগত জড়িত হৈ থকা বুলি অভিযোগ উত্থাপন কৰে ৷

আনহাতে, এই ঘটনাটোকলৈ হিন্দু জাগৰণ মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এগৰাকী যুৱতীক দিনৰ পোহৰতে আতিশায্য চলোৱা ঘটনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ অন্যথা হিন্দু জাগৰণ মঞ্চই নিজেই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে ৷

Intro:

বৰপেটা, ১১ ছেপ্টেম্বৰঃ বৰপেটাত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টাকলৈ চাঞ্চল্য ৷ V2 শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক শ্লীলতাহানিৰ অপচেষ্টা ৷ হাফিজুৰ ৰহমান নামৰ এটা লম্পট যুৱকৰ শ্লীলতাহানিৰ অপচেষ্টা অসমীয়া যুৱতীক ৷ এই ঘটনাকলৈ বৰপেটা চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ Body:আজি যুৱতীগৰাকীয়ে V2 ত উপস্থিত হোৱাৰ লগে লগে যুৱতীগৰাকীক আগুছি ধৰি টনা-আজোৰা কৰে লম্পট যুৱক হাফিজুৰে ৷ যুৱতীগৰাকীক মলৰ পাৰ্কিং লটলৈ টানি নি যুৱতীগৰাকীক চলায় শ্লীলতা হানিৰ চেষ্টা ৷ ভুক্তভোগী যুৱতীগৰাকীক হাফিজুৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল ৷ যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই হাফিজুৰে যুৱতীগৰাকীৰ ওপৰত চলায় আতিশয্য ৷ ভুক্তভোগী যুৱতীগৰাকীয়ে ইতিমধ্যে বৰপেটা সদৰ থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ ইপিনে ঘটনাটোৰ সময়ত V2 শ্বপিংমলখনৰ চিচি কেমেৰা বন্ধ থকাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ যুৱতীগৰাকীৰ ওপৰত চলোৱা আতিশয্যৰ ঘটনাটোৰ ভিডিও নাই চিচি কেমেৰাত ৷ নিশা ১ বজাৰ পৰা পুৱা ৯-৩০ বজালৈকে হেনো বন্ধ হৈ থাকে চিচি কেমেৰা ৷ আনকি মলখনতো নাথাকে কোনো নৈশ চকীদাৰ ৷ যুৱতীগৰাকীৰ অভিযোগ- সহায় ভিক্ষা কৰাৰ পিচতো ওচৰপাজৰে থকা ব্যৱসায়ীসকলে নাহিল সহায় কৰিবলৈ ৷ যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে অভিযোগ মলৰ লোক জৰিত হৈ থাকিব পাৰে ঘটনাটোত ৷ V2 ৰ সুৰক্ষা ব্যৱস্থাক লৈ উঠিছে প্ৰশ্ন ৷ আনহাতে, এই ঘটনাটোকলৈ হিন্দু জাগৰন মঞ্চই তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে ৷ এগৰাকী অসমীয়া যুৱতীক দিনৰ পোহৰতে এনেদৰে মুছলমান যুৱক এজনে চলোৱা আতিশয্যৰ ঘটনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে ৷ অন্যথা হিন্দু জাগৰন মঞ্চই নিজেই লব ব্যৱস্থা ৷ এই ঘটনাক লৈ সমগ্ৰ চহৰখনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰীয়াৰ ৷

Conclusion:বাইটঃ ভূক্তভোগী যুৱতীগৰাকী ৷
বাইটঃ V2 মলৰ ফ্লোৰ মেনেজাৰ ৷
বাইটঃ প্ৰত্যক্ষদৰ্শী স্থানীয় ব্যৱসায়ী ৷
বাইটঃ হিন্দু জাগৰণ মঞ্চৰ নেতা ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.