বৰপেটা, 19অক্টোবৰঃ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফ'ৰ্ম প্ৰস্তুত কৰাৰ নামত কমিচনৰাজ চলোৱাৰ অভিযোগ খণ্ডন বৰপেটা ৰোডৰ গিৰীশ ষ্ট'ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ৷ একাংশ সামাজিক মাধ্যমত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কিছু আপত্তিজনক বাতৰি প্ৰচাৰ হোৱাৰ পাছতে কলগাছিয়াত এক সংবাদমেল সম্বোধন কৰে ইয়াৰ কৰ্মকৰ্তাই ৷ প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাই জানিব দিয়া অনুসৰি, ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা ইউনিফৰ্ম প্ৰস্তুত কৰণৰ নিবিদা দাখিল কৰিছিল ৷
প্ৰতিষ্ঠানটোৱে নিবিদা লাভ কৰাৰ পাছতে বিদ্যালয়ৰ শিক্ষক তথা চিআৰচিচি সকলক কমিচন দিয়াৰ বিনিময়ত কাম আদায় কৰা বুলি একাংশ সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ হৈছিল ৷ তদুপৰি প্ৰতিষ্ঠানটোৰ হৈ কাম কৰা সাধাৰণ কৰ্মচাৰী সকলক ১০০ ৰ পৰা ২০০ টকাকৈ পাৰিশ্ৰমিক বা মজুৰি প্ৰদান কৰা কথাটোক কমিচন ৰাজ চলি থকা বুলিও ভুৱা বাতৰি সম্প্ৰচাৰ হৈছিল ৷ এই সকলোবোৰ অভিযোগ খণ্ডন কৰি প্ৰতিষ্ঠানটোৱে সংবাদমাধ্যমৰ জৰিয়তে নিবিদা লাভ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কোনোধৰণৰ কমিচনৰাজৰ সৈতে জড়িত নথকাৰ কথা স্পষ্ট কৰে ৷ ইয়াৰ উপৰিও নিবিদা লাভ কৰা বিদ্যালয় সমূহত উন্নত মানদণ্ডৰ ইউনিফৰ্ম যোগান ধৰা হ'ব বুলি সংবাদমেলৰ জৰিয়তে প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে ৷
লগতে পঢ়কঃ পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান