ETV Bharat / state

Rakhal Than in Barpeta: বৰপেটাৰ বিলৰতাৰীহাটীৰ ৰাখাল থানৰ নৱনিৰ্মিত তোৰণ মুকলি - বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ

মাধৱদেৱ মহাপুৰুষৰ স্মৃতি বিজড়িত ৰাখাল থানৰ আছে এক ঐতিহ্য ৷ বৰপেটাৰ এইখন থানত আজি উপস্থিত হয় ৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়োৱে ৷

Satradhikar of Barangajuli Satra
বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 5:45 PM IST

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ

বৰপেটা, ৮ অক্টোবৰ : সত্ৰনগৰী বৰপেটাৰ ৰাখাল থানত নৱনিৰ্মিত তোৰণ এখন আজি মুকলি কৰা হয় ৷ ভক্তৰ দান বৰঙণিৰে প্ৰায় ১৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তোৰণখন বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়োৱে মুকলি কৰে ৷ ১৯ ৫১ চনত বৰপেটা সত্ৰৰ পৰা গৈ হৰেকৃষ্ণ মহন্ত আতৈয়ে ওদালগুৰিৰ জনজাতি অধ্যুষিত গাঁও সমূহত আৰম্ভ কৰা গুৰুজনাৰ নাম ধৰ্ম আজিও জনজাতি ভাইসকলৰ মাজত প্ৰচাৰ চলাই থকাৰ কথা উল্লেখ কৰে নিৰঞ্জন বড়োৱে ৷ তেওঁ সকলোকে গুৰুজনাৰ অমৰ সৃষ্টিৰ অধিক প্ৰচাৰ আৰু প্ৰকাশ কৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক: UNESCO visits Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ ইউনেস্কোৰ প্ৰতিনিধিৰ

উল্লেখ্য যে, দুজনা গুৰুৰ পদ ৰেণুৰে স্পৰ্শিত সত্ৰনগৰী বৰপেটাৰ অনেক থান সত্ৰৰ ভিতৰত মাধৱদেৱ মহাপুৰুষৰ স্মৃতি বিজৰিত ৰাখাল থানৰ আছে এক ঐতিহ্য ৷ সত্ৰনগৰী বৰপেটাৰ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত সেই তাহানি উক্ত স্থানত গৰু চৰাই থকা গোপ বালকসকলৰ সৈতে মাধৱদেৱ পুৰুষে জিৰণি লৈছিল ৷ এই সময়তে এই থানতে মাধৱদেৱ মহাপুৰুষে ইয়াত দুটাকৈ বৰগীতো ৰচনা কৰিছিল ৷

লগতে পঢ়ক:CM vigilance team in Goalpara: গোৱালপাৰা পৌৰসভাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত; ১৪ গৰাকী ৱাৰ্ড কমিছনাৰৰ সাক্ষ্য গ্ৰহণ

বৰপেটাৰ বিলৰতাৰী হাটীৰ গুৰুজনাৰ পদস্পৰ্শ বিজৰিত এই পূণ্যস্থানত পৰৱৰ্তীসময়ত ভক্তসকলে থান পাতি হৰি নাম কীৰ্তন, পালনাম আদি অনুষ্ঠিত কৰি আহিছে ৷ এনে এক পৱিত্ৰ থানত নিৰ্মাণ কৰা তোৰণ উদ্বোধনী অনুষ্ঠানত সত্ৰনগৰী বৰপেটাৰ ভক্ত বৈষ্ণৱে অংশ গ্ৰহণ কৰে ৷

উল্লেখ্য় যে ইয়াতেই দুবছৰ পূৰ্বে শিশু, কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলক বৰপেটাৰ ঐতিহ্য হোলীগীত আৰু বৰপেটা সত্ৰৰ বুঢ়াভকত নৰহৰি বুঢ়াভকতে প্ৰসাৰ কৰা ভোৰতাল নৃত্যত পাৰ্গত কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা ৷

লগতে পঢ়ক: Caste Census in BJP ruled States: বিজেপি শাসিত ৰাজ্যত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.