ETV Bharat / state

কলগাছিয়াত প্ৰলোভনেৰ শ্ৰমিকৰ সহস্ৰাধিক টকা লুটিলে অসাধু চক্ৰই - দৰিদ্ৰ লোকৰ পৰা লুটিলে হাজাৰ হাজাৰ টকা

কলগাছিয়াত লক্ ডাউনৰ সময়ত কাম বন্ধ হৈ থকা শ্ৰমিক সকলক ভুৱা তথ্য প্ৰদান কৰি হাজাৰ হাজাৰ টকা লুটিলে এচাম অসাধু চক্ৰই ।

frauds looted money from labours in kalgachia

author img

By

Published : May 5, 2020, 12:48 PM IST

কলগাছিয়া, 5 মে': বেংক একাউন্ট নম্বৰৰ সৈতে 105 টকা দিলে আপুনি পাব দুহেজাৰ টকা ! খবৰ পাই উৎফুল্লিত হৈ পৰিল ৰাইজ । এনেদৰে প্ৰলোভন দি এচাম অসাধু চক্ৰই দৰিদ্ৰ লোকৰ পৰা লুটিলে হাজাৰ হাজাৰ টকা । লক্ ডাউনৰ সময়ত কাম বন্ধ হৈ থকা শ্ৰমিক সকলৰ বেংক একাউন্টযোগে, ৰাজ্যৰ শ্ৰম বিভাগৰ পৰা দুটা কিস্তিত দুহেজাৰ টকা সাহায্য প্ৰদানৰ আশ্বাসেৰে, কলগাছিয়াত এচাম অসাধু চক্ৰই লুটিলে টকা । অসম চৰকাৰৰ শ্ৰম বিভাগে ৰাজ্য খনৰ 50 হাজাৰ শ্ৰমিক-মজদুৰক সাহায্য প্ৰদানৰ বাবে একাংশ শ্ৰমিক নেতাক এখন তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান জনায় । যিখন তালিকা ৩ এপ্ৰিলত প্ৰতিখন জিলাৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে । তাৰেই সুযোগ লৈ দৰিদ্ৰ শ্ৰমিকৰ পৰা 100-300 টকালৈ ধন সংগ্ৰহ কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰলোভনেৰ শ্ৰমিকৰ সহস্ৰাধিক টকা লুটিলে অসাধু চক্ৰই

অভিযোগ অনুসৰি, এই চক্ৰটোত কলগাছিয়াৰ ওহাব আলী, আব্দুল গফুৰ, শ্বহিদুল ইছলাম আৰু ৰাহেজ আলী নামৰ 4 জন লোকে শ শ দৰিদ্ৰ শ্ৰমিকৰ ধন সংগ্ৰহ কৰি, জনতাৰ গাঁও পঞ্চায়তৰ আলিম হুছেইনৰ ওচৰত জমা কৰিছে হাজাৰ হাজাৰ টকা । চক্ৰটোৰ এনে কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰেই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়কঃ লক ডাউনৰ যোগাত্মক প্ৰভাৱঃ হৰিদ্বাৰ, বাৰাণসীত পৰিস্কাৰ হৈ বৈছে গংগাৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.