বজালী, 11 ফ্ৰেব্ৰুৱাৰী: বৰপেটা জিলাৰ চাৰিখনকৈ গাঁও পঞ্চায়ত অন্তৰ্ভূক্ত কৰা হ’ল বজালী জিলাত (Four new Gaon Panchayat added to Bajali) ৷ উত্তৰ পাকা পঞ্চায়ত, মধ্য পাকা পঞ্চায়ত, পূব পাকা পঞ্চায়ত আৰু উত্তৰ-পূব পাকা পঞ্চায়তৰ ৰাইজে একমাত্ৰ উন্নয়নৰ স্বাৰ্থত বৰপেটা জিলাৰ কেওতকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত হৈ আছিল যদিও উন্নয়নৰ মুখ দেখা নাছিল যাৰ ফলত নৱগঠিত বজালী জিলাত উক্ত চাৰি পঞ্চায়তক অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাইজে দাবী তুলি আহিছিল ।
বৃহস্পতিবাৰে বজালীৰ 'টেপট্টাৰী সত্য ধৰ্ম আশ্ৰম'ত উপস্থিত হোৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসে মন্তব্য কৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ দিনৰে পৰা ৰাইজৰ এই সমস্যাটো সমাধানৰ চেষ্টা চলাই থকা হৈছিল আৰু অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই চাৰি গাঁও পঞ্চায়তক বৰপেটা জিলাৰ পৰা বজালী জিলাত সংলগ্ন কৰা হৈছে বুলি (New Gaon Panchyat in Bajali ) ।
চাৰি গাঁও পঞ্চায়তক বৰপেটা জিলাৰ পৰা বজালী জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰণজিত কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে ৰাইজে ।
লগতে পঢ়ক: অৱশেষত আৰম্ভ হ'ল পৌৰ নিগমৰ জাৱৰৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প