ETV Bharat / state

কলগাছিয়া আৰক্ষীৰ জালত চাৰি ভুৱা পৰীক্ষাৰ্থী - কলগাছিয়া আৰক্ষীৰ জালত চাৰি ভুৱা পৰীক্ষাৰ্থী

পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিজনকৈ ভুৱা পৰীক্ষাৰ্থী আটক । শিক্ষক আৰু উচ্চ বৰ্গৰ সহায়কে ধনৰ বিনিময়ত বদলি পৰীক্ষা দিবলৈ সুযোগ দিয়াৰ অভিযোগ । আটকাধীন যুৱক চাৰিজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ(Four fake examinees detained at Kalgachia) ।

four-fake-examinees-detained-at-kalgachia
কলগাছিয়া আৰক্ষীৰ জালত চাৰি ভুৱা পৰীক্ষাৰ্থী
author img

By

Published : Mar 18, 2022, 9:51 PM IST

কলগাছিয়া, 18 মাৰ্চ : বৰপেটাৰ কলগাছিয়াত এইবাৰ আটক হ'ল পৰীক্ষাৰ্থী(Four fake examinees arrested at Kalgachia) । পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰেপ্তাৰ চাৰিজনকৈ ভুৱা পৰীক্ষাৰ্থী ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা কলগাছিয়া আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত অভিযুক্ত ভুৱা পৰীক্ষাৰ্থীকেইটাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত আৰক্ষীয়ে বহু তথ্য পোহৰলৈ আনে(Kalgachia police detained Four fake examinees) ৷ অভিযোগ অনুসৰি, বদলি পৰীক্ষা দিবলৈ বন্দবস্ত কৰে বিদ্যালয় শিক্ষক কৰ্মচাৰীয়ে । লগতে শৌলমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফজলুৰ ৰহমান আৰু চান্দমামা হাইস্কুলৰ উচ্চ বৰ্গৰ সহায়ক আব্দুল মোতালেব,শিক্ষক জালাল উদ্দীন আৰু হজৰত আলিয়ে পৰীক্ষাৰ্থীকেইজনক পৰীক্ষা দিয়াৰ নামত বন্দোবস্ত কৰাৰো এক অভিযোগ উত্থাপিত হৈছে ৷

কলগাছিয়া আৰক্ষীৰ জালত চাৰি ভুৱা পৰীক্ষাৰ্থী

ইফালে, পৰীক্ষাৰ্থী কেইজনে এই কাণ্ডত এজন কম্পিউটাৰ শিক্ষকে ভাগ নোপোৱাৰ বাবেই তেওঁলোকৰ নাম সাঙুৰি লোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ ভুৱা পৰীক্ষা দিয়াৰ নামত একো একোজন পৰীক্ষাৰ্থীৰ পৰা পৰীক্ষা দিয়াৰ বাবদ বন্দোবস্ত কৰি ৫০ৰ পৰা ৬০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰি বদলি পৰীক্ষা দিবলৈ সুযোগ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে অভিযুক্ত ভূৱা পৰীক্ষাৰ্থীকেইজনে । ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত পৰীক্ষাৰ্থী কেইজনক জেল হাজোতোলৈ প্ৰেৰণ কৰিছে । আৰু এই কাণ্ডৰ লগত কোন কোন লোক জড়িত সেই সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ফাকুৱাৰ দিনাই টিফুক চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.