বৰপেটা, ১৯ এপ্ৰিল : অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ৰুবুল আলীৰ হত্যাকাণ্ডৰ সৈতে জড়িত 8 মূল অভিযুক্তক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ক্ৰমে বান্দালী ৰিজাৰ্ভ গাঁৱৰ জাকিল আলী ওৰফে দাৰগ আলী, চাইফুল ইছলাম, ইনজামুল খান, আমিৰুল ইছলাম, বাদশা ফকীৰ, ফৰিদুল ইছলাম, লাল মামুদ খান আৰু জয়নাল মিঞা নামৰ এই ৮ অভিযুক্তক (boyfriend got killed) ৷ উল্লেখ্য যে, ৮ অভিযুক্তক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিচতে অভিযুক্তসকলক ৭ দিনৰ আৰক্ষী জিম্মাত ৰখা হ'ব ৷
উল্লেখ্য যে, বৰপেটাৰ চতলা গাঁৱৰ ৰুবুল আলীয়ে গুৱাহাটীত বি ফাৰ্ম পঢ়ি আছিল ৷ বৰপেটাৰে বান্দালী গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰুবুলৰ ৷ জানিব পৰা মতে, শেহতীয়াকৈ শনিবাৰে প্ৰেমিকাক এটা ম’বাইল ফোন উপহাৰ দিবলৈ বান্দালী গাঁৱলৈ গৈছিল যুৱকজন ৷ ইয়াৰ পিছত প্ৰেমিকাৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰিবলৈ যায় দুয়ো ৷ ইয়াতেই নামে আন্ধাৰ ৷
আন্ধাৰ নমাৰ সুযোগ লৈ সেইসময়তে গাঁওখনৰ কেইজনমান যুৱকে আক্ৰমণ কৰে ৰুবুল আলীক (Attack on boyfriend) ৷ এই আক্ৰমণতে প্ৰাণ হেৰুৱালে ৰুবুলে ৷
ইফালে, এই ঘটনাৰ বিষয়ে অৱগত হোৱা নাছিল ৰুবুলৰ পৰিয়াল ৷ বিগত কেইটামান দিন ধৰি সন্ধানহীন হৈ থকা ৰুবুল আলীৰ মৃতদেহ অৱশেষত উদ্ধাৰ হয় ব্ৰহ্মপুত্ৰত নদীৰ বহৰি পাৰঘাটত ৷ স্বাভাৱিকতে ৰুবুলৰ মৃত্যুক লৈ এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷ সম্প্ৰতি হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী কৰি উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : প্ৰেমিকাক ম’বাইল ফোন উপহাৰ দিবলৈ গৈ প্ৰাণ হেৰুৱালে ৰুবুলে