বৰপেটা, ৭ ফেব্ৰুৱাৰী : সৰুক্ষেত্ৰী সমষ্টিৰ বৰপেটা-ভৱানীপুৰ পৰা খাবলাৰট্টাৰী, পুতলাৰটাৰী হৈ কালঝাৰ সংযোগী পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ লোক নিৰ্মান বিভাগৰ SOPD আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা ৬ কিলোমিটাৰ এই পথটো পকী কৰাৰ লগতে এখন দলঙৰ পুনৰ নিৰ্মাণ কৰা হ'ব ৷
এই উপলক্ষে আয়োজন কৰা সভাত সমষ্টিটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাত সমষ্টিৰ ৰাইজক সম্বোধন কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে সমষ্টিক কেইবাটাও উন্নয়ন মূলক কামৰ ওপৰত আলোকপাত কৰে ৷
ইফালে উক্ত সভাতে কেইবাটাও নিৰ্বাচন কেন্দ্ৰীক মন্তব্য প্ৰকাশ কৰে জাকিৰ হুছেইন শিকদাৰে ৷ বিধায়ক গৰাকীয়ে পোনচাতেই বদৰুদ্দিন আজমলক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ সৰুক্ষেত্ৰীৰ উন্নয়নৰ ক্ষেত্ৰত আজমলে চাৰ্টিফিকেট দিব নালাগে বুলি এক প্ৰত্যাহ্বানমূলক মন্তব্য প্ৰকাশ কৰে জাকিৰ হুছেইন শিকদাৰে ৷
লগতে পঢ়ক: পুনৰ নগাঁৱৰ ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন