ETV Bharat / state

EX MLA Sheikh Asahaque Ali Died : জনীয়াৰ প্ৰাক্তন বিধায়ক শ্বেখ এচাহক আলীৰ মৃত্যু

author img

By

Published : Aug 15, 2023, 3:12 PM IST

জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ এচাহক আলীৰ মৃত্যু । ১৯৯১ আৰু ২০০১ চনত দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল শ্বেখ এচাহক আলী ।

EX MLA Sheikh Asahaque Ali Died
EX MLA Sheikh Asahaque Ali Died
জনীয়াৰ প্ৰাক্তন বিধায়ক শ্বেখ এচাহক আলীৰ মৃত্যু

জনিয়া, ১৫ আগষ্ট : মঙলবাৰে জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ এচাহক আলীৰ পৰলোকপ্ৰাপ্তি ঘটে । বাৰ্ধক্যজনিত কাৰণত ৮৫ বছৰ বয়সত নিজগৃহতে পুৱা ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । কলগাছিয়াৰ গুণিয়ালগুৰি গাঁৱৰ বাসিন্দা তথা ৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল শ্বেখ এচাহক আলী । বিধায়কগৰাকীৰ মৃত্যুত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে কলগাছিয়াত ।

উল্লেখযোগ্য যে ১৯৯১ চনত ইউ এম এফ দলৰ পৰা আৰু ২০০১ চনত কংগ্ৰেছৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল শ্বেখ এচাহক আলী । তেখেতে এগৰাকী নিষ্ঠাৱান আৰু দুৰ্নীতিবিৰোধী জনপ্ৰতিনিধি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিছিল । ১৯৩৯ চনত জন্মলাভ কৰি ১৯৬২ চনত চাকলা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে অভয়াপুৰী কলেজৰ পৰা ১৯৬৭ চনত স্নাতক ডিগ্ৰী অৰ্জন কৰে । কিছুদিন বিভিন্ন ব্যৱসায়-বাণিজ্যত মনোনিবেশ কৰাৰ পিছত ১৯৭২ চনত গুণিয়ালগুৰিৰ জি কে আৰবী কলেজত অধ্যাপক হিচাপে নিযুক্তিলাভ কৰি নিষ্ঠাৰে শিক্ষকতা কৰে । লগতে তেখেত বিভিন্ন সামাজিক কামত জড়িত হৈ পৰে ।

কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয় স্থাপনতো তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল । ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ পৰা ইউ এম এফ দলৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে । ২০০১ চনত পুনৰ কংগ্ৰেছ দলৰ পৰা বিধায়ক নিৰ্বাচিত হয় । ২০০২ চনত কলগাছিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশনতো তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল । খেল-ধেমালিতো তেখেতৰ পাৰদৰ্শিতা আছিল । তেখেত এগৰাকী ভাল ফুটবল খেলুৱৈ আছিল । সম্প্ৰতি তেখেতৰ পত্নী হাছোৰা খাতুন কলগাছিয়া জিলা পৰিষদৰ এগৰাকী নিৰ্বাচিত সদস্যা ।

প্ৰাক্তন বিধায়ক শ্বেখ এচাহক আলীৰ মৃত্যুত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে । মঙলবাৰে সন্ধিয়া মাগৰিবৰ নামাজৰ পিছত কলগাছিয়া ঈদগাহত প্ৰাক্তন বিধায়কগৰাকীৰ জানাজা সম্পন্ন কৰা হ'ব বুলি বিধায়কগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে । মৃত্যুৰ সময়ত তেখেতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক :77th Independence day: মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষণ চলি থাকোতেই ঢলি পৰিল মহিলা আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.