ETV Bharat / state

কলগাছিয়াত বিদ্যালয়ৰ পৰিচালনা কমিটী গঠনত বিসংগতিৰ অভিযোগ - বিদ্যালয়ৰ পৰিচালনা কমিটি

কলগাছিয়াৰ ৭৯৫ নং দাৱনদিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা কমিটী গঠনত বিসংগতিৰ অভিযোগ ৷ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত চি আৰ চিৰ ভূমিকা আৰু নীতিবৰ্হিভূতভাৱে গঠন কৰা কমিটী সন্দৰ্ভত ৰাইজে লিখিত অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত একাংশ অভিভাৱকৰ ৷

formation-of-committee
কলগাছিয়াত বিদ্যালয়ৰ পৰিচালনা কমিটি গঠনত বিসংগতিৰ অভিযোগ
author img

By

Published : Dec 28, 2020, 9:01 PM IST

জনীয়া, 28 ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ ৭৯৫ নং দাৱনদিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা কমিটি গঠনত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। কমিটী গঠন কৰিবলৈ অনুষ্ঠিত সভাত আমন্ত্ৰণ মৰ্মে উপস্থিত হৈছিল গাঁৱৰ অভিভাৱক ৰাইজ । কমিটী গঠনৰ পূৰ্বেই দুটা পক্ষৰ মাজত কথাৰ কটা-কটি আৰম্ভ হয়। পৰিস্থিতি জটিল হোৱাৰ ফালে লক্ষ্য কৰি চি আৰ চি স্বহৰ আলীয়ে যি সকল অভিভাৱক নহয় তেওঁলোকক সভা ত্যাগ কৰিবলৈ আহ্বান জনায় ।

formation-of-committee
কলগাছিয়াত বিদ্যালয়ৰ পৰিচালনা কমিটি গঠনত বিসংগতিৰ অভিযোগ

চি আৰ চিৰ কথাত সভা ত্যাগ কৰে বহু কেইজন মুৰব্বীৰ লগতে ভালে সংখ্যক অভিভাৱকেও । একাংশ অভিভাৱক ওলাই অহা পাছত কমিটী গঠন হৈছে যদিও সৰহভাগ মানুহে এই কমিটী মানি ল'ব বিচৰা নাই । মঙলবাৰে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত চি আৰ চিৰ ভূমিকা আৰু নীতিবৰ্হিভূতভাৱে গঠন কৰা কমিটী সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ অভিভাৱকে ।

লগতে পঢ়ক: উৎকন্ঠাৰ অৱসানঃ মঙলবাৰে গেৰুৱা মন্ত্ৰৰ দীক্ষা ল'ব অজন্তা-ৰাজদ্বীপে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.