ETV Bharat / state

পুনৰ 'ভাৰতীয়'ক সজালে বিদেশী

author img

By

Published : Jul 8, 2019, 1:18 PM IST

স্বদেশতে বিদেশী হ'ল অৱসৰপ্ৰাপ্ত আৰক্ষী আব্দুল বাৰেক ৷ 1997 চনত 'ডি' ভোটাৰ তালিকাত নাম অহাৰ পাছত আইনী যুঁজত জয় লাভ কৰিছিল যদিও পুনৰ জাননী পঠাইছে বিদেশী ন্যায়াধীকৰণে ৷

আব্দুল বাৰেক

জনীয়া, 8 জুলাই : বৰপেটা জিলাৰ কলগাছিয়াৰ সাবান আলীৰ পুত্ৰ তথা অসম আৰক্ষীৰ হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰা আব্দুল বাৰেকক পুনৰবাৰ বিদেশী সজালে বিদেশী ন্যায়াধীকৰণে ৷ চলিত বৰ্ষৰ জুন মাহত বিদেশী ন্যায়াধীকৰণে জাননী প্ৰেৰণ কৰাত চিন্তিত হৈ পৰিছে বাৰেক ৷ যাৱতীয় সকলো নথি - পত্ৰ থকাৰ পাছতো পুনৰবাৰ বিদেশী সজোৱা হ'ল নিৰ্দোষী লোকজনক ৷ উল্লেখ্য যে, 1997 চনতে 'ডি' ভোটাৰ তালিকাত তেওঁৰ নাম আহিছিল যদিও আইনী যুঁজত জয় লাভ কৰিছিল বাৰেকে ৷

পুনৰ 'ভাৰতীয়'ক সজালে বিদেশী

সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী বাৰেকে ৷ ইয়াৰ লগতে আইনী যুঁজৰ বাবেও সাজু হৈছে তেওঁ ৷

Intro:slug: as_jania_2nd_time_ft_notice_to_rtd_AP_spl_pkg_story_vis3+byt3_asc10058

জনীয়া, ০৮ জুলাই: এবাৰ মহামান্য ন্যায়ালয়ে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছত পুনৰ অসম পুলিচৰ হাবিলদাৰৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ জাননী। আব্দুল বাৰেক নামৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰে ন্যায় বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ ওচৰত।Body:slug: as_jania_2nd_time_ft_notice_to_rtd_AP_spl_pkg_story_vis3+byt3_asc10058

এইবাৰ অসম পুলিচৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰৰ বিৰুদ্ধে বিদেশীৰ জাননী। 1997 চনৰ ভোটাৰ তালিকাত বহা 'D' বিৰুদ্ধে 2013 চনত আইনী যুঁজৰ অন্তত ভাৰতীয় বুলি ন্যায় পাইছিল। কিন্তু চলিত বৰ্ষৰ জুন মাহত পুনৰ তেওঁৰ বিৰুদ্ধে আহে বিদেশী ন্যায়াধীকৰণৰ জাননী। অসম পুলিচৰ এই দুৰ্ভগীয়া অৱসৰপ্ৰাপ্ত হাবিলদাৰজন হৈছে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁওৰ সাবান আলীৰ পুত্ৰ আব্দুল বাৰেক। 1987 চনত অসম বেটলিয়নত যোগদান কৰা আব্দুল বাৰেকে পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। এই আব্দুল বাৰেকৰ পিতৃ সাবান আলীৰ নামত 1951 চনৰ NRC আৰু 1953, 1956, 1966, 1970 চনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট থকাৰ উপৰিও সকলো ধৰণৰ নথিপত্ৰ আছে। ইমানখিনি নথিপত্ৰৰ ভিত্তিত 2013 চনত 'D' ভোটাৰৰ গোচৰত বিদেশী ন্যায়াধীকৰণৰ পৰা ন্যায় পোৱাৰ পিছত পুনৰ তেওঁৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ পৰা বিদেশী বুলি জাননী অহাত তেওঁ পুনৰ আইনী যুজঁ দিবলৈ সাজু হৈছে। লগতে আব্দুল বাৰেকে এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী সনোৱালৰ হস্তক্ষেপ কামনা কৰি কয় যে, মহমান্য আদালতৰ পৰা ভাৰতীয় বুলি ন্যায় পোৱাৰ পিছত পুনৰ কিয় জাননী প্ৰেৰণ কৰিলে বুলি প্ৰশ্ন কৰে।Conclusion:slug: as_jania_2nd_time_ft_notice_to_rtd_AP_spl_pkg_story_vis3+byt3_asc10058

মন্তব্য: আব্দুল বাৰেক আৰু স্থানীয় ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.