বৰপেটা, ২৮ জুলাইঃ মঙলবাৰে বৰপেটাৰ চেঙাত সংঘটিত হয় খাদ্যত বিষক্ৰিয়াৰ ঘটনা ৷ বৰ্তমানলৈকে বিষক্ৰিয়াত ৫০ জনৰো অধিক জন লোকৰ আক্ৰান্তৰ কথা পোহৰলৈ আহিছে । চেঙাৰ গীতাৰ্থ পাঠক নামৰ যুৱক এজনৰ বিবাহৰ অভ্যৰ্থনাৰ খাদ্য গ্ৰহণ কৰাৰ পিছতেই লোক সকলৰ বমি,মূৰ আৰু পেটৰ বিষত আক্ৰান্ত হোৱাৰ লগতে শৌচ আৰম্ভ হয় ৷
আনহাতে খাদ্যত বিষক্ৰিয়া হোৱা সকলৰ ভিতৰত আছে প্ৰায় ১৫ টাকৈ শিশু ৷ ইয়াৰে ভিতৰত আছে এটা ডেৰ বছৰীয়া শিশুও ৷ উক্ত শিশুটোক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
ইফালে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জৰুৰীকালীন সেৱাত থকা এগৰাকী চিকিৎসকে প্ৰথমতে চিকিৎসা চলাই থাকিবলগা হোৱাত প্ৰাথমিক অৱস্থাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ পিচত আন দুগৰাকী চিকিৎসক হাস্পতালত উপস্থিত হৈ ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়ায় ৷
ইপিনে এতিয়াও বহু লোক আক্ৰান্ত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগলৈ পুনৰ বিষক্ৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ নিশা বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক তীৰ্থনাথ শৰ্মাই চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহি পৰিস্থিতিৰ বুজ লয় ৷
লগতে চাওক-বাঘজানৰ তৈল অভিযান অবৈধঃ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন