ETV Bharat / state

বৰপেটা জিলাৰ ১৬শ পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ

author img

By

Published : Aug 26, 2020, 12:24 AM IST

ছেভা ভাৰতৰ মহানুভৱতা । বৰপেটা জিলাৰ ১৬শ পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ । ছেভা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক লৱণু শইকীয়া উপস্থিত থাকি বিতৰণ কৰে এই খাদ্য সামগ্ৰীসমূহ । ভূয়সী প্ৰশংসা ৰাইজৰ ।

বৰপেটা জিলাৰ ১৬শ পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ
বৰপেটা জিলাৰ ১৬শ পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ

জনিয়া, 25 আগষ্ট : অগ্ৰণী ৰাষ্ট্ৰীয় সেচ্ছাসেৱী সংগঠন ''ছেভা ভাৰত''ৰ মহানুভৱতাই সমগ্ৰ বৰপেটা জিলাৰ সচেতন ব্যক্তিৰ অন্তৰত যোগাত্মক সাঁচ বহুৱাবলৈ সক্ষম হৈছে ৷ সংগঠনটোৱে আজি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলগাছিয়াতো সাতশ দৰিদ্ৰ আৰু বানাক্ৰান্ত পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ কৰে । এই বিতৰণ সামগ্ৰীৰ ভিতৰত আছে উন্নত মানৰ 20 কেজি চাউল,মিঠাতেল দুই লিটাৰ,আলু পাঁচ কেজি,চাবোন 10টা, দালি দুই কেজি,পিয়াঁজ এক কেজি,ফেনাইল,নিমখ,ব্লিচিং পাউডাৰ আদি ।

সংগঠনটোৱে বৰপেটা,ধুবুৰী আৰু গোৱালপাৰা জিলাত মুঠ 26শ পৰিয়াক এই সামগ্ৰী বিতৰণ কৰিব বুলি সংগঠনটোৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক লৱণু শইকীয়াই জানিবলৈ দিয়ে । কলগাছিয়া গড়কাপ্তানি কাৰ্যালয়ৰ সম্মুখত এই বিতৰণ কাৰ্যসূচীত অন্যতম উদ্যোক্তা খলিলুৰ ৰহমান,বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হক,বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান,ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছুৰমান আলী,কলগাছিয়া কমাৰ্চ কলেজৰ অধ্যক্ষা নাজিৰা বেনুন,সমাজ সেৱক ড৹ ইছুব হুছেইনকে ধৰি যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

মানৱ কল্যাণৰ হকে কাম কৰা উদাৰ মানসিকতাৰ সেচ্ছাসেৱী সংগঠনৰ এই সমাজ সেৱামূলক কামক কলগাছিয়াৰ সৰ্বস্তৰৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে । বান-গৰাখহনীয়া সমস্যাক চৰকাৰে স্থায়ী সমাধানৰ পোষকতা কৰে উক্ত সংগঠনটোৰ সমন্বয়ক শইকীয়াই ।

লগতে পঢ়ক : ৰাজসাক্ষী হোৱাৰ ইচ্ছা APSC কেলেংকাৰীত অভিযুক্ত চিকিৎসক মৃগেন শইকীয়াৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.