ETV Bharat / state

বৰপেটাত বান সাহায্য বিতৰণ

বৰপেটা জিলাৰ কেওটকুছিত প্ৰায় 600 কৃষিজীৱি পৰিয়ালৰ মাজত বান সাহায্য বিতৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে আৰোহণ ফাইনেঞ্চিয়েল চাৰ্ভিচেছ লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ৷ প্ৰতিষ্ঠানটোৰ এনে কাৰ্যৰ শলাগ লৈছে স্থানীয় লোকে ৷

Flood relief distribution by arohan micro financial orgaqnisation barpeta assam etv bharat news
বান সাহায্য বিতৰণ
author img

By

Published : Aug 24, 2020, 1:11 PM IST

বৰপেটা,24 আগষ্ট: ৰাজ্যত বানৰ প্ৰকোপ কমিল যদিও আৰ্থিক অনাটনে এৰা দিয়া নাই বানাক্ৰান্তক ৷ ঘৰ-বাৰীৰ লগতে কৃষিভূমি সমূহ সম্পূৰ্ণৰূপে বানে নষ্ট কৰাত ৰাইজে চৰম দাৰিদ্ৰতাৰে অতিবাহিত কৰিছে দিন ৷ এনে পৰিৱেশৰ মাজতে বৰপেটা জিলাৰ কেওটকুছিত প্ৰায় 600 কৃষিজীৱি পৰিয়ালৰ মাজত বান সাহায্য বিতৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে আৰোহণ ফাইনেঞ্চিয়েল চাৰ্ভিচেছ লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ৷ সেই অনুসৰি সোমবাৰে প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত কেওটকুছিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ প্ৰায় 300 পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৷

বান সাহায্য বিতৰণ

দুদিনীয়া কাৰ্যসূচীৰে এই সামগ্ৰী বিতৰণ কৰা প্ৰতিষ্ঠানটোৱে মঙলবাৰেও অনুৰূপধৰণে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী ৷ প্ৰতিষ্ঠানটোৰ এনে কাৰ্যৰ শলাগ লৈছে স্থানীয় লোকে ৷ উল্লেখ্য যে,চলিত বৰ্ষৰ বানত যথেষ্ঠ পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল জিলাখনৰ অধিকাংশ লোক ৷

লগতে চাওকঃ ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব পৰৱৰ্তী লোকপিয়ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.