ETV Bharat / state

জলবন্দী সৰ্থেবাৰীৰ ভিন্ন প্ৰান্তৰ ৰাইজঃ বানৰ কবলত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ - বাঢ়নী পানী

সৰ্থেবাৰীত বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱৰ ৷ জলবন্দী হৈ আছে সৰ্থেবাৰীৰ বতিয়া, কালাতলি, বাথানৰট্টাৰি, নেউলাৰভিঠা, সৰ্থেবাৰী নগৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ । বাঢ়নী পানীৰ সোঁতে ইতিমধ্যে উটুৱাই নিছে কালাতলি গাঁৱৰ মথাউৰি ৷

জলবন্দী সৰ্থেবাৰীৰ ভিন্ন প্ৰান্তৰ ৰাইজ
author img

By

Published : Jul 2, 2019, 9:09 PM IST

বৰপেটা, ২ জুলাইঃ বিগত পাঁচ দিন ধৰি জলবন্দী হৈ আছে সৰ্থেবাৰীৰ বতিয়া, কালাতলি, বাথানৰট্টাৰি, নেউলাৰভিঠা, সৰ্থেবাৰী নগৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ । বুঢ়াদিয়াৰ বাঢ়নী পানীৰ সোঁতে ইতিমধ্যে উটুৱাই নিছে কালাতলি গাঁৱৰ মথাউৰিটো ৷ ছিগা মথাউৰিৰে হোৰা হোৰে বুঢ়াদিয়া নৈৰ পানী সোমাই কালাতলি গাঁৱত সৃষ্টি কৰিছে বিপৰ্যয়ৰ ৷ বুঢ়াদিয়া নৈৰ লগতে টিহু নৈৰ বানেও তাণ্ডব চলাইছে অঞ্চলটোত ৷ ফলত বানৰ কবলত পৰা অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ।

জলবন্দী সৰ্থেবাৰীৰ ভিন্ন প্ৰান্তৰ ৰাইজ

ভাত এমুঠি ৰান্ধি খাবলৈও এতিয়া গাঁওবাসীৰ মাজত ঠাইৰ অভাৱ । ইপিনে এই বানৰ কবলত পৰিছে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ । বানে বিস্তৰ ক্ষতিসাধন কৰিছে নাট্যদলটোৰ । সৰুক্ষেত্ৰী অঞ্চলত অব্যাহত থকা বানৰ এনে তাণ্ডবৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে প্ৰশাসন তথা জনপ্ৰতিনিধি । বানপানীয়ে এইদৰে প্ৰতিবছৰে সৰুক্ষেত্ৰীৰ ৰাইজক জুৰুলা কৰি আহিছে যদিও বান প্ৰতিৰোধৰ ক্ষেত্ৰত নাই কোনো তৎপৰতা ৷ আনহাতে অঞ্চলটোৰ ৰাইজৰ এনে দুৰ্যোগৰ সময়চোৱাত জিলা প্ৰশাসন আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালউদ্দিনে ৷

Intro:বৰপেটা, ২ জুলাইঃ পাঁচ দিন ধৰি জলবন্দী হৈ আছে সৰ্থেবাৰীৰ বতিয়া, কালাতলি, বাথানৰট্টাৰি, নেউলাৰভিঠা, সৰ্থেবাৰী নগৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ । বুঢ়াদিয়াৰ বাঢ়নী পানীৰ সোঁতে ইতিমধ্যে উটুৱাই নিছে কালাতলি গাৱত থকা মথাউৰিটো ৷ Body:ছিগা মথাউৰিৰে হোৰা হোৰে বুঢ়াদিয়াৰ বাঢ়নি পানী সোমাই ইতিমধ্যে কালাতলি গাৱত সৃষ্টি কৰিছে বিপৰ্যয়ৰ ৷ বুঢ়াদিয়া নৈৰ লগতে টিহু নদীৰ বানেও অঞ্চলটোত চলাইছে তাণ্ডব ৷ এইদৰেই এতিয়া এই ভঙা মথাউৰিৰে হোলাহোৰে সোমাইছে বাঢ়নি পানী ৷ বানৰ কবলত পৰা অঞ্চলবাসীৰ এতিয়া হাহাকাৰ অৱস্থা । বতিয়া আৰু কালাতলি গাৱত মানুহৰ ঘৰৰ ভিতৰত এককাল পৰ্যন্ত হৈছে পানী । ভাত এমুঠি ৰান্ধি খাবলৈও গাওবাসীৰ এতিয়া ঠাইৰ অভাব । এতিয়াও এইদৰে বানপানীৰ লগত সহবাস কৰিবলগীয়া হৈছে বানত আক্ৰান্তই । ইপিনে এই বানৰ কৱলত পৰিছে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ । বানে বিস্তৰ ক্ষতিসাধন কৰিছে নাট্যদলটোৰ । সৰুক্ষেত্ৰী অঞ্চলত অব্যাহত থকা বানৰ এনে তাণ্ডবৰ পিছতো কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে প্ৰশাসন তথা জনপ্ৰতিনিধি । বানপানীয়ে এইদৰে প্ৰতিবছৰে সৰুক্ষেত্ৰীৰ ৰাইজক জুৰুলা কৰি আহিছে যদিও বান প্ৰতিৰোধৰ ক্ষেত্ৰত নাই কোনো তৎপৰতা ৷ আনহাতে অঞ্চলটোৰ ৰাইজৰ এনে দূৰ্যাগৰ সময়ছোৱাত জিলা প্ৰশাসন আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালউদিদিনে ৷ ছাত্ৰনেতাজনে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়াৰো তীব্ৰ প্ৰতিবাদ জনাইছে ।

Conclusion:বাইটঃ জালালউদ্দিন ৷
---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.