জনীয়া, ৯ নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপথাৰ গাঁৱত দেওবাৰে নিশা খাদ্যত বিষক্ৰিয়া ঘটি একেটা পৰিয়ালৰ পাঁচজন লোক অচেতন হৈ পৰে । গাঁৱখনৰ মণিৰ উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা ।
কোনো দুস্কৃতিকাৰীয়ে দেওবাৰে নিশা খাদ্যৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই চুৰিৰ অপচেষ্টা চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৰ আন সদস্যসকলে । ঘটনাৰ বিৱৰণী অনুসৰি, মণিৰ উদ্দিনে দেওবাৰে মাজনিশা প্ৰায় ১২ বজাত টোপনিৰ পৰা সাৰ পাই ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰে কোনো অচিনাক্ত ব্যক্তিক ৷ তেওঁ লগে লগে চিঞৰ-বাখৰ কৰাত ব্যক্তিজন সেই স্থানৰ পৰা পলায়ন কৰে ৷
মণিৰ উদ্দিনে নিশা আহাৰ গ্ৰহণ নকৰাকৈ শুই যোৱা বুলি পৰৱৰ্তী সময়ত জানিব পৰা যায় ৷ কিন্তু পৰিয়ালটোৰ বাকীসকল সদস্যই পুৱালৈকে কোনো সাৰ-সুৰ নকৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ অচেতন লোকসকলক তাৰপিছতে ভৰ্তি কৰোৱা হয় কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৷
সম্প্ৰতি লোককেইগৰাকী চিকিৎসাধীন অৱস্থাত আছে ৷ খাদ্যত বিষক্ৰিয়া হৈ অচেতন হৈ পৰা লোককেইজন হৈছে ক্ৰমে ৰফিকুল ইছলাম, স্বফিকুল ইছলাম, ছলিম বাদশা, নাৰজিনা খাতুন আৰু জাহিৰুল ইছলাম ৷ মণিৰ উদ্দিনে সমগ্ৰ ঘটনাটো সম্পৰ্কে আৰক্ষীক অৱগত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
লগতে পঢ়ক : বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী