ETV Bharat / state

বৰপেটাৰ ভিন্ন অঞ্চলত ভংগ মীন আইন - মাছৰ প্ৰজননৰ সময়

মীন আইন অনুসৰি নৈ, বিল, খাল, জলাশয় আদিত চৰকাৰীভাৱে মাছ ধৰাতো নিষিদ্ধ কৰা হৈছে যদিও, বৰপেটাৰ কিছুমান অঞ্চলত বৰ্তমানেও একাংশ লোকৰ দ্বাৰা ভংগ হৈছে মীন আইন ।

Fisheries law violated in barpeta
Fisheries law violated in barpeta
author img

By

Published : May 13, 2020, 8:50 PM IST

বৰপেটা, 13 মে': এতিয়া যিহেতু মাছৰ প্ৰজননৰ সময়, সেয়ে মীন আইন অনুসৰি নৈ, বিল, খাল, জলাশয় আদিত চৰকাৰীভাৱে মাছ ধৰাতো নিষিদ্ধ কৰা হৈছে । কিন্তু তাৰ মাজতো বৰপেটাৰ বিভিন্ন স্থানত মীন আইন ভংগ কৰি একাংশই মাছ ধৰি, বিপদ মাতি আনিছে থলুৱা মাছৰ প্ৰজাতিলৈ । বৰপেটাৰ ঔমুৰা গাঁৱৰ চুতীয়াপাৰাৰ সমীপৰ কালজাহী ৰিজাৰ্ভৰ বিলৰ পানীত বিষক্ৰিয়া হৈ উপঙি উঠিছে মাছ । বিলখন ডাকত লোৱা ঔমুৰা গাঁৱৰ ৰচিদ আলীয়ে মাছ ধৰাৰ বাবে বিলৰ পানীত বিহ প্ৰয়োগ কৰাৰ বাবেই, বিলৰ পানীত উপঙি উঠিছে মাছ ৷ গাঁৱৰ ৰাইজে এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ লগতে এনে কাৰ্যৰ বিৰুদ্ধে ৰাইজে ৰচিদ আলীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

বৰপেটাৰ ভিন্ন অঞ্চলত ভংগ মীন আইন

আনহাতে বৰপেটাৰ হাউলীৰ সমীপৰ বাক্সাৰ হেলনাৰ পাম গাঁৱৰ কাষেৰে বৈ যোৱা পল্লা নৈতো মঙলবাৰে নিশা ৰংদিয়া গাঁৱৰ কেইজনমান যুৱকে, পানীত বিদ্যুৎ প্ৰৱাহিত কৰি মাছ ধৰি থকাৰ ঘটনা পোহৰলৈ আহিছে বুলি উল্লেখ কৰে স্থানীয় লোকে । পল্লা নৈৰ পানীত বিদ্যুৎ প্ৰৱাহিত কৰি মাছ ধৰি থকাৰ ফলত মঙলবাৰে নিশা, হেলনাৰপাম গাৱৰ এজন যুৱক বিদ্যুৎস্পৃষ্ট হয় । পৰৱৰ্তী সময়ত যুৱক জনৰ লগতে ৰাইজে বিদ্যুৎস্পৃষ্ট হোৱা কাৰ্যৰ উৎস বিচাৰি, অনুসন্ধান চলাওঁতে ৰংদিয়া গাঁৱৰ একাংশই নৈত মাছ মাৰি থকা দেখা পায় ৷ সেই সময়তে ৰংদিয়া গাঁৱৰ মাছ ধৰি থকা লোককেইজন পলাই সাৰে যদিও ৰফিকুল ইছলাম নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ৰাইজে । নৈৰ পানীত বিদ্যুৎ প্ৰৱাহিত কৰি মাছ, কাছৰ লগতে সমগ্ৰ জলচৰ জীৱৰ প্ৰতি সংকট কঢ়িয়াই অনা এনে কাৰ্য বন্ধ কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে । নৈত বিদ্যুৎ প্ৰৱাহিত কৰি মাছ ধৰা কাৰ্যৰ সৈতে বাক্সাৰ ৰংদিয়া গাঁৱৰ ইস্তাফুল আলী, চফিকুল আলী, মকিবুল ইছলামৰ সৈতে আন এজন যুৱক জড়িত বুলি স্বীকাৰ কৰিছে ধৃত যুৱকজনে ।

লগতে পঢ়কঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ দুৰ্দশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.