ETV Bharat / state

বৰপেটা সত্ৰলৈ অগণন ভক্তৰ সোঁত - পহিলা বহাগ

আজি পহিলা ব’হাগৰ দিনা বৰপেটা সত্ৰত ভীৰ কৰিছে সত্ৰবাসী ভক্তিপ্ৰাণ ৰাইজে ৷ সত্ৰনগৰী বৰপেটাৰ প্ৰতিজন লোকে পুৱা স্নান কৰাৰ পিচতে বৰপেটা সত্ৰত উপস্থিত হৈ গুৰু দুজনাৰ চৰণত সেৱা জনোৱাৰ লগতে ভাগ লয় বৰ্ষফল গণনা অনুষ্ঠানত ৷

পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত অগণন ভক্তৰ সোঁত

author img

By

Published : Apr 15, 2021, 8:38 PM IST

বৰপেটা,১৫ এপ্ৰিল: আজি পহিলা ব’হাগৰ দিনা বৰপেটা সত্ৰত ভীৰ কৰিছে সত্ৰবাসী ভক্তিপ্ৰাণ ৰাইজে ৷ সত্ৰনগৰী বৰপেটাৰ প্ৰতিজন লোকে পুৱা স্নান কৰাৰ পিচতে বৰপেটা সত্ৰত উপস্থিত হৈ গুৰু দুজনাৰ চৰণত সেৱা জনোৱাৰ লগতে ভাগ লয় বৰ্ষফল গণনা অনুষ্ঠানত ৷ বৰপেটাবাসীয়ে অতীজৰে পৰা ৰীতি-নীতি পৰম্পৰাৰে পালন কৰি আহিছে পহিলা ব’হাগৰ দোমাহী ৷

পহিলা ব’হাগৰ দিনা ৰাতি সাত শাকৰ আঞ্জা খোৱাতো এৰাব নোৱাৰা এক পৰম্পৰা ৷ ইপিনে সাত শাকৰ লগতে পহিলা ব’হাগৰ দিনটোত বৰপেটা সত্ৰবাসীৰ বাবে ঝালৰ আঞ্জা খোৱাৰো পৰম্পৰা চলি আহিছে ৷ বিবিধ ঔষধি গছৰ মিশ্ৰণেৰে ঝালৰ আঞ্জা বনাই খোৱাতোও বৰপেটাবাসীৰ বাবে এৰাব নোৱাৰা এক পৰম্পৰা ৷

বৰপেটা সত্ৰলৈ অগণন ভক্তৰ সোঁত

পূৰ্বতে, প্ৰতিজন লোকে বাৰী, ঘৰ বা বন-জংঘলৰ পৰা বিচাৰি সাত শাকৰ লগতে ঝালৰ বাবে প্ৰয়োজনীয় ঔষধি গছবোৰ সংগ্ৰহ কৰিছিল ৷ কিন্তু বৰ্তমান আধুনিকীকৰণৰ যুগত বাৰী, চোতাল আদি নোহোৱা হোৱাত বৰপেটা সত্ৰৰ সন্মুখৰ পৰাই কিনিছে সাত শাক আৰু ঔষধি গছৰ ঝালৰ মছলা ৷ সত্ৰত সেৱা জনাই ঘৰলৈ উভতি যোৱাৰ সময়ত প্ৰতিজনে ক্ৰয় কৰে সাত শাক আৰু ঔষধি গছৰ ঝালৰ বিশেষ মছলা ৷ এইদৰেই বৰপেটাত সম্পূৰ্ণ পৰম্পৰাৰে পালন কৰা হৈছে পহিলা ব’হাগ ৷

লগতে পঢ়ক: পহিলা বহাগত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.