বৰপেটা, ৭ এপ্ৰিলঃ বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ বিৰুদ্ধে ফেচবুকত অপপ্ৰচাৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু বৰপেটা আৰক্ষী চকীত । বৰপেটাৰ ব্ৰজ কুমাৰ দাস আৰু জিতেন্দ্ৰ নাথ দাস নামৰ দুগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিধায়ক গুনীন্দ্ৰ নাথ দাসে । দুয়োগৰাকী লোকে বৰপেটাৰ অগপ বিধায়কজন নিৰুদ্দেশ হোৱা বুলি কোৱাৰ লগতে বিধায়কজনৰ সন্ধান দিব পৰা জনক পুৰস্কাৰ দিয়া হ'ব বুলি ফেচবুকযোগে পোষ্ট কৰিছিল । এনে অপপ্ৰচাৰৰ আঁৰত তেওঁলোকৰ কোনো অভিসন্ধি থকা বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে । এই ক্ষেত্ৰত তেওঁৰ এজাহাৰৰ ভিত্তিত কোনো ৰাজনৈতিক চাপ নপৰাকৈ আৰক্ষী প্ৰশাসনক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় ।
লগতে পঢ়কঃ লক ডাউন অমান্য কৰি গোৰেশ্বৰৰ ৰাজপথত জনসাধাৰণ