ETV Bharat / state

ৰাজনৈতিক ক্ষেত্ৰৰ ৰণ পালেহি ঘৰৰ চোতাল: আহত ছজন

author img

By

Published : Jun 2, 2021, 9:13 AM IST

Updated : Jun 2, 2021, 3:20 PM IST

কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত ৰাইজৰ দল আৰু এ আই ইউ ডি এফৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা। ৰাইজৰ দলক সমৰ্থিত একেটা পৰিয়ালৰ ৬ জন লোক আহত । আহত সকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

fights-for-political-parties
ৰাজনৈতিক ক্ষেত্ৰৰ ৰণ পালেহি ঘৰৰ চোতাল: আহত ছজন

জনীয়া, 2 জুন : জনীয়া সমষ্টিৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱৰ ৰাইজৰ দলৰ কৰ্মী হজৰত খানৰ পুখুৰীৰ কাষতে এ আই ইউ ডি এফ দলৰ সমৰ্থক ওচমান আলী আৰু জিন্না নামৰ দুজন লোকৰ ঘৰ । সোমবাৰে নিশা হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত জিন্না আৰু ওচমান আলীৰ ঘৰৰ ভেটিৰ মাটি বৰষুণৰ ঢলত হজৰত খানৰ পুখুৰীত পৰিছিল । হজৰতৰ পুখুৰীৰ বাবেই জিন্না আৰু ওচমান আলীৰ ঘৰৰ চোতালৰ মাটি পুখুৰীত পৰাৰ অভিযোগ তুলি সূত্ৰপাত হয় কাজিয়াৰ ।

স্মৰ্তব্য যে, হজৰত খানৰ পৰিয়ালে ৰাইজৰ দলক সমৰ্থন কৰাৰ বাবে এ আই ইউ ডি এফৰ সমৰ্থক জিন্না আৰু ওচমানে অলপতে হৈ যোৱা নিৰ্বাচনৰ সময়ৰ পৰাই হজৰত খানক আক্ৰমণৰ সুযোগ লৈ অহা বুলি অভিযোগ উঠিছে । ফলত সোমবাৰে নিশা অহা বৰষুণৰ ফলত পুখুৰীত পানী পৰাৰ বিষয়টো লৈ মহিবুল খান, হজৰত খান, নুৰালম খান, ৰাজিবুল খান, নুৰনেহাৰ খাতুন আৰু বিমলা খাতুনকে ধৰি পৰিয়ালটোৰ ৬ জনকৈ লোকক প্ৰহাৰ কৰে এ আই ইউ ডি এফ কৰ্মী জিন্না আৰু ওচমান আলীৰ পৰিয়ালৰ লোকে । ইতিমধ্যে আহত সকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

এই মাৰপিটৰ ঘটনাত জিন্নাৰ পৰিয়ালৰ আন দুজন সদস্য জুলহাস আলী আৰু গোলাম ৰব্বানিও জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে । কেৱল দুটাকৈ ৰাজনৈতিক দলৰ পৃথক মতাদৰ্শৰ বাবেই ৰাজনৈতিক ক্ষেত্ৰৰ পৰিসৰৰ বাহিৰত থাকিও ব্যক্তিগত সংঘাটৰ এই ঘটনাক এতিয়া সকলোৱে দিছে গৰিহনা ৷ অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে কেনে ভূমিকা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : সংবাদমেলযোগে কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীয়ে ?

Last Updated : Jun 2, 2021, 3:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.