জনিয়া, 8 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বহু অঞ্চলত ৷ বিধ্বস্ত বানে বিশেষকৈ ক্ষতিগ্ৰস্ত কৰিছে বৃহত্তৰ অঞ্চলকেইটাৰ খেতিয়ক সকলক ৷ পানীত বুৰ গৈ ইতিমধ্যে নষ্ট হৈছে দাৱনদিয়া, টাপেশ্বৰা,বালাগাঁও আদি অঞ্চলৰ খেতিয়কৰ হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷ উপায়ন্তৰ কৃষকে এতিয়া অভাৱৰ মাজতো পৰিয়ালৰ ভৰণ-পোষণৰ স্বাৰ্থত পুনৰ আৰম্ভ কৰিছে শালি খেতি ৷
উল্লেখ্য যে, স্থানীয় জনপ্ৰতিনিধি বা চৰকাৰে বান বিধ্বস্ত কৃষক সকলক সহায়ৰ আশ্বাস প্ৰদান কৰিছে যদিও, এই পৰ্যন্ত তেওঁলোকে নেদেখিলে কোনো চৰকাৰী সাহায্যৰ মুখ ৷ কেৱল এই বছৰেই নহয়, ভুক্তভোগী কৃষক সকলৰ অভিযোগ অনুসৰি প্ৰতি বছৰেই অনুৰূপভাৱেই জন প্ৰতিনিধিয়ে আহি তেওঁলোকক ক্ষতিপুৰণৰ আশ্বাস দিয়ে যদিও সেই আশ্বাস ফলপ্ৰসূ নহ'ল আজি পৰ্যন্ত ৷ উপায়ন্তৰ কৃষকে সম্প্ৰতি চৰকাৰৰ পৰা বিচাৰিছে কিছু সহায়ৰ হাত ৷ কৃষি প্ৰধান ৰাজ্য অসমত যদি কৃষকৰ এনে দুৰৱস্থা হয় তেন্তে, অসমৰ উন্নতিৰ পথতো এক বিৰাম লাগিব বুলি কৈ সংবাদ মাধ্যমযোগে চৰকাৰক কিছু সহায়ৰ বাবে আহ্বান জনালে কৃষক সকলে ৷
লগতে পঢ়ক: ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত