জনিয়া, 7 ডিচেম্বৰ : এগৰাকী মাতৃহাৰা কন্যাই এতিয়া পিতৃক বিচাৰি হিয়া উজাৰি কান্দিছে । কোনো দিনেই দেখা নাই পিতৃক । জন্মৰে পৰা কেৱল মাককে দেখিলে কন্যা কহিনুৰে ৷ বুজি উঠাৰ পিচত পিতৃক বিচাৰি মাতৃক প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছিল কহিনুৰে ৷ পিতৃ আহিব আহিব বুলি কহিনুৰক বুজাই বুজাই এটা সময়ত মাতৃও আঁতৰি গ’ল কহিনুৰৰ ওচৰৰ পৰা ৷ অকলশৰীয়া হৈ পৰিল কহিনুৰ ৷ মোমায়েকৰ পৰিয়ালে তুলি-তালি ডাঙৰ দীঘল কৰে কহিনুৰক ৷ বিয়াও হৈ যায় কহিনুৰ ৷ কিন্তু পিতৃ-মাতৃৰ অভাৱ আন কোনো সম্পৰ্কই জানো দূৰ কৰিব পাৰে ? আৰু পিতৃৰ পৰা আঁতৰি থাকিব পৰা নাই কহিনুৰ ৷ সংবাদমাধ্যমৰ জৰিয়তে পিতৃক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে একমাত্ৰ কন্যা সন্তানে ৷ একমাত্ৰ কন্যাই কান্দি কান্দি জনালে যে, গুৱাহাটীত থাকিছিল পিতৃ তোতা মিয়াঁ ৷ পৰিয়াল পোহপালৰ বাবে পৰিয়ালৰ পৰা আঁতৰত থাকি তাত তেওঁ মিস্ত্ৰীৰ কাম কৰিছিল ৷ ঘটনাটো বহুদিনীয়া ৷
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত নদিয়াপাৰা গাঁৱৰ এজন ব্যক্তি তোতা মিয়াঁ বিগত ২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ আছে । উল্লেখ্য যে, নদিয়াপাৰা গাঁৱৰ পলান মিয়াৰ পুত্ৰ তোতা মিয়াঁ নামৰ ব্যক্তিজনে বিগত ২৫ বছৰ পূৰ্বে বিবাহ সম্পন্ন কৰি কৰ্মসূত্ৰে গুৱাহাটী গৈছিল । বিয়াৰ কিছুদিন পিছতে এজনী কন্যা সন্তানৰ জন্ম হয় । তাৰ পিচৰে পৰা বৰ্তমানলৈকে ব্যক্তিজন নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি গৈছিল যদিও কোনো সন্ধান পোৱা নাই তোতা মিয়াঁৰ।
নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছিল আত্মীয়ই । কিন্তু কোনো সন্ধান নাপাই অৱশেষত তোতা মিয়াঁৰ পত্নী আছিয়া খাতুনে কন্যা কহিনুৰ বেগমক লৈ পিতৃ গৃহত উভতি যায় । মোমায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হোৱা কহিনুৰৰ বাঘবৰ সমষ্টিৰ ভাতনাপাইতি চৰত বিবাহ হয় । কিন্তু খুড়া জামাল উদ্দিনে কহিনুৰ বেগমৰ কোনো ধৰণৰ খবৰ নোলোৱাৰো অভিযোগ উত্থাপন হৈছে । সেয়ে এতিয়া নিৰুদ্দিষ্ট তোতা মিয়াঁৰ একমাত্ৰ কন্যা কহিনুৰ বেগমে বৃহস্পতিবাৰে পিতৃ গৃহত উপস্থিত হৈ ৰাইজৰ ওচৰত হাতযোৰ কৰি কান্দি কান্দি আহ্বান জনায় যদি কোনো ব্যক্তিয়ে তাইৰ পিতৃ তোতা মিয়াঁৰ কোনো যদি সন্ধান পাই তেতিয়া যাতে সহায় কৰে নাইবা তোতা মিয়াঁই যদি এই বাতৰিটো দেখা পায় তেন্তে যাতে তেওঁ তৎক্ষণাত ঘৰলৈ উভতি যায় ৷
লগতে পঢ়ক : হঠাৎ নাইকিয়া হ’ল অজলা মাতৃৰ একমাত্ৰ সাৰথি