ETV Bharat / state

বালিকুৰিত নগদ ধনৰ বাবদ ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ দিয়াৰ অভিযোগ

author img

By

Published : Mar 17, 2022, 12:12 PM IST

15 মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Examination 2022) ৷ বৰপেটা জিলাৰ বালিকুৰিৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে বিসংগতি ৷ আটকাধীন ভুৱা পৰীক্ষাৰ্থীয়ে উত্থাপন কৰিলে বিস্ফোৰক অভিযোগ ৷ তিনিগৰাকী শিক্ষকে উৎকোচ গ্ৰহণ কৰি ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ দিয়াৰ (fake candidate appeared in HSLC exam for money) অনুমতি প্ৰদানৰ অভিযোগ উত্থাপন ৷

fake-candidate-accused-of-allowing-cash-to-sit-in-hslc-exam-in-balikuri
ভূৱা পৰীক্ষাৰ্থীক আটক

জনিয়া, 17 মাৰ্চ : 15 মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Examination 2022) লগতে হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ ৷ প্ৰায়সংখ্যক পৰীক্ষা কেন্দ্ৰত সুকলমে পৰীক্ষা অনুষ্ঠিত হৈছে ৷ বিপৰীতে দুই-এটা পৰীক্ষা কেন্দ্ৰত কিছু বিসংগতি হোৱা পৰিলক্ষিত হৈছে ৷

প্ৰথমদিনৰ পৰীক্ষাত কৰিমগঞ্জৰ এটা পৰীক্ষা কেন্দ্ৰত 15 গৰাকী শিক্ষাৰ্থী অনুপস্থিত থকাৰ বাতৰি ইতিপূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ৷ এইবাৰ পিছে ঘটনা কিছু ব্যতিক্ৰম ৷ বৰপেটা জিলাৰ বালিকুৰিৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এনে বিসংগতিৰ ঘটনা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে পৰীক্ষা দিবলৈ আহি আটক হৈছিল আমিনুল ইছলাম নামৰ এগৰাকী ভুৱা পৰীক্ষাৰ্থী (Fake candidate arrested in Barpeta) ৷ আটকাধীন ছাত্ৰগৰাকীয়ে বন্ধু তথা বালাৰপথাৰ বালিকা উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ কৃষ্ণ দে’ নামৰ শিক্ষাৰ্থীগৰাকীৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

বালিকুৰিত ভুৱা পৰীক্ষাৰ্থী আটক

পিছে আটক হোৱাৰ পিছতহে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ লগতে বালাৰপথাৰ বালিকা উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যাপীঠৰ এজন সহকাৰী শিক্ষক আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ ৷

আমিনুলে বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুৰ ৰহমান, বালাৰপথাৰ বালিকা উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যাপীঠৰ প্ৰধান শিক্ষক আব্দুল কৰিম আৰু একেখন বিদ্যালয়তে কৰ্মৰত শিক্ষক কাছেৰ আলীৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন (fake candidate appeared in HSLC exam for money) কৰিছে ৷ আটকাধীন ছাত্ৰগৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি, তিনিওগৰাকী শিক্ষকে এই ঘটনাত জড়িত হৈ আছে ৷ তদুপৰি সমগ্ৰ কাণ্ড জনাৰ পিছতো ছাত্ৰগৰাকীক নগদ ধনৰ বিনিময়ত কৃষ্ণ দে’ৰ হৈ পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰিছিল ৷

শিক্ষক তিনিগৰাকীয়ে ছাত্ৰগৰাকীৰ পৰা পূৰ্বতেই ইয়াৰ বাবদ আদায় লৈছিল প্ৰায় 42,000 হাজাৰ টকা ৷ কিন্তু ছাত্ৰগৰাকীয়ে এই ধনৰ 5,000 টকা দিবলৈ বাকী থকাৰ বাবে তেওঁক পৰীক্ষকৰ দ্বাৰা আটক কৰি গতাই দিছিল আৰক্ষীক ৷ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে আটক হোৱা আমিনুল ইছলাম নামৰ ভুৱা পৰীক্ষাৰ্থীগৰাকীৰ এই ভাষ্যই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

ইফালে, বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুৰ ৰহমানে ভুৱা ছাত্ৰগৰাকীৰ সমগ্ৰ অভিযোগ একেমুখে নস্যাৎ কৰে ৷ ৰহমানে বিষয় সন্দৰ্ভত কয় যে, তেওঁ এই বিষয় সম্পৰ্কে সম্পূৰ্ণৰূপে অজ্ঞাত ৷ ভুৱা পৰীক্ষাৰ্থীগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰধান শিক্ষকগৰাকীয়ে আৰক্ষীক আহ্বান জনায় ৷ অৱশ্যে প্ৰধান শিক্ষকগৰাকীৰ লগতে ভুৱা ছাত্ৰগৰাকীয়ে উত্থাপন কৰা এই অভিযোগ কিমানদূৰ সঁচা, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে চাওক: বৰপেটাত দৌল মহোৎসৱত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.